অভিনেতা মুকুল দেৱ
মনোৰঞ্জন উদ্যোগৰ পৰা এটা অতি দুখৰ খবৰ আহিছে । বলীউড অভিনেতা মুকুল দেৱ আৰু নাই । যোৱা নিশা বলীউড আৰু টিভি অভিনেতা মুকুল দেৱ ৰ মৃত্যু হয় । ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ।
অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ ওলোৱাৰ লগে লগে চলচ্চিত্ৰ জগতত শোককুল পৰিৱেশে বিৰাজ কৰিছে ।
অভিনেতা মুকুল দেৱ ৰ সৈতে ‘ছন অৱ চৰ্দাৰ’ ছবিত কাম কৰা অভিনেতা বিন্দু দাৰা সিঙে অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে । তেওঁ মুকুল কিছুদিন অসুস্থ হৈ আছিল বুলি জানিবলৈ দিছে । যাৰ বাবে তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, তাৰ পিছত তেওঁ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় লয় ।
মুকুল দেৱৰ মৃত্যুত শোক প্ৰকাশ কৰি বিন্দু দাৰা সিঙে কয়- ‘মুকলক আৰু কেতিয়াও ডাঙৰ পৰ্দাত দেখা নাপাব ।পিতৃ-মাতৃৰ মৃত্যুৰ পিছত মুকলে নিজকে বিচ্ছিন্ন কৰি ৰাখিছিল’।
‘ঘৰৰ পৰাও ওলাই যোৱা নাছিল আৰু কাকো লগো কৰা নাছিল।যোৱা কেইদিনমানৰ পৰা মুকুল অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।তেওঁ আছিল এজন অতি নম্ৰ ব্যক্তি । আমি সকলোৱে তেওঁক মিছ কৰিম’।
লগতে পঢ়ক: আলিয়া ভাটে সঁচাকৈয়ে কপি কৰিছিল নেকি কাঁৰ লুক? দৰ্শকে কৰিলে ট্ৰল