জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ’ল… ক্ষোভ প্ৰকাশ কৰিলে অভিনেতা যতীন বৰাই
জুবিন গাৰ্গৰ ঘটনাৰ ন্যায়ৰ দাবী জনালে অভিনেতা যতীন বৰাই । বুধবাৰে সংবাদ মাধ্যমৰ আগত অভিনেতাজনে কয় য়ে, এই ঘটনাৰ ন্যায় লাগে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক ন্যায় দিব বুলি আশা প্ৰকাশ কৰে অভিনেতা যতীন বৰাই ।
আনহাতে নৰ্থ ইষ্ট ফেষ্টিভেল অসমত নিষিদ্ধ কৰা পদক্ষেপক আদৰণি জনালে যতীন বৰাই । লগতে শ্যামকানু মহন্ত কিয় জনতাৰ মুখামুখি হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ । অভিনেতাজনে কয় যে, নিজৰ ব্যৱসায় কৰিবলৈ অসমৰ পৰা এটুকুৰা হীৰা লৈ গৈছিল শ্যামকানু মহন্তই । এই ক্ষেত্ৰত অসমৰ জনতাক ন্যায় দিবই লাগিব বুলি দাবী উত্থাপন কৰে তেওঁ ।
অভিনেতাগৰাকীয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰা হল বুলি বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয়,” জুবিনক আচলতে ব্যৱহাৰ কৰা হ’ল । এই কথাটোত মোৰ দুখ লাগিছে ।“ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গে তেওঁৰ শেহতীয়াকৈ মুক্তি পাব লগা চিনেমা ৰৈ ৰৈ বিনালেৰ দুটাকৈ গান অভিনেতাগৰাকীক দেখাইছিল বুলি উল্লেখ কৰে তেওঁ । যতীন বৰাই কয়, “ইমান সুন্দৰ গান মই ভাবো শেষৰ চিকুৱেন্সটোত মই ভাবো হলত জুবিনক দেখি ৰাইজৰ কি পৰিৱেশ হ’ব সেই কথাই ভাবিছো ।“
ইফালে ২১ ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা ওভতি আহি চিনেমাখনৰ ডাবিঙৰ কাম কৰিব বুলি অভিনেতাগৰাকীক জুবিন গাৰ্গে জনাইছিল বুলি কয় তেওঁ । লগতে এয়া জুবিন গাৰ্গৰ যোৱাৰ সময় নাছিল বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে তেওঁৰ অভিনয় জীৱনত শিল্পীগৰাকীৰ অৱদানৰ কথা সোঁৱৰে ।
যতীন বৰাই কয়, “জুবিনৰ হামিং, গানে মোৰ অভিনয় এটা পৰ্যায়লৈ লৈ গৈছিল । এতিয়া মই খুউব অকলশৰীয়া অনুভৱ কৰিছোঁ । জুবিনক হেৰুৱাই মই আধৰুৱা হৈ ৰ’লো ।“
অভিনেতাগৰাকীয়ে কয় যে, অসমৰ ৰাইজে এতিয়া ন্যায় বিচাৰিছে । শেহতীয়াকৈ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই যতীন বৰাই । লগতে তেওঁ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ পৰিয়ালে যাতে অকলশৰীয়া অনুভৱ নকৰে, পূৰ্বৰ দৰেই যাতে তেওঁলোকক সকলোৱে মৰম দিয়ে তাৰ বাবে ৰাইজক আহ্বান জনাই ।
লগতে পঢ়ক : সকলোবোৰ তদন্তৰ আওতাত আহিব… জুবিন গাৰ্গৰ ঘটনাক লৈ কঠোৰ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা