ঐতিহাসিক পৰিগণিত হ’ল প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণ
জাপান ভ্ৰমণ সমাপ্ত কৰি চীনলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ ঐতিহাসিক বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে । তেওঁ কয় যে, এই ভ্ৰমণত দুয়োখন দেখৰ মাজত এনে কেইবাখনো চুক্তি স্বাক্ষৰিত হয় যাৰ জৰিয়তে ভাৰত-জাপানৰ সম্পৰ্ক শক্তিশালী হ’ব । জাপান ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰাৰ লগতে বুলেট ট্ৰেইনতো উঠে । লগতে জাপানৰ ছেমিকণ্ডাক্টৰ তথা অৰ্ধপৰিবাহী নিৰ্মাণ কৰা মুখ্য প্ৰতিষ্ঠানো পৰিদৰ্শন কৰে ।
উল্লেখ্য যে, ২৯ আগষ্টত জাপানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জাপানী সম্প্ৰদায়ৰ লোকে গায়ত্ৰী মন্ত্ৰ পাঠেৰে দেশখনলৈ আদৰণি জনাই । লগতে জাপানী সম্প্ৰদায়ৰ লোকসকলে ভাৰতীয় পৰম্পৰাগত নৃত্য আৰু সংগীতো প্ৰদৰ্শন কৰে ।
ইয়াৰ পিছতে টকিঅত অৱস্থিত হোটেলত উপস্থিত হৈ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদিয়ে । প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অতিশয় উৎসাহিত হৈ পৰে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল । ইয়াৰ মাজতে জাপানস্থিত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে অপাৰেচন সিন্দুৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চেল্যুট দিয়ে ।
এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-জাপান অৰ্থনৈতিক মঞ্চক সম্বোধন কৰে । এই অনুষ্ঠানত মোদীয়ে কয় যে, জাপান প্ৰযুক্তিৰ পাৱাৰ হাওচ, আনহাতে ভাৰত প্ৰতিভাৰ পাৱাৰ হাওচ । দুয়োখন দেশে প্ৰযুক্তি আৰু প্ৰতিভাৰ নেতৃত্ব দিব পাৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰত আৰু জাপানৰ সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে ।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বুলেট ট্ৰেইনেৰে জাপানৰ চেণ্ডাইত উপস্থিত হয় । ইয়াত তেওঁক স্থানীয় লোকে আদৰণি জনাই । লগতে তেওঁ চেণ্ডাইত বুলেট ট্ৰেইন পৰিচালনা আৰু কাৰিকৰী জ্ঞান গ্ৰহণ কৰি থকা ভাৰতীয় ৰেল চালকসকলকো সাক্ষাৎ কৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীক জাপানৰ শ্বৰিঞ্জান দাৰুমা মন্দিৰ পূজাৰীয়ে পুতলা উপহাৰ দিয়ে । জাপানত দাৰুমাক শুভ পুতলা বুলি গণ্য কৰা হয় ।
আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ছেণ্ডাইত অৰ্ধপৰিবাহী বা ছেমিকণ্ডাক্টৰ উদ্যোগ পৰিদৰ্শন কৰে । ইয়াৰ কিছু ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁ । ছবিসমূহ শ্বেয়াৰ কৰি তেওঁ লিখিছে- ‘প্ৰাইম মিনিষ্টাৰ ইছিবা আৰু মই টকিঅ’ ইলেক্ট্ৰন ফেক্টৰী ভ্ৰমণ কৰিলোঁ । আমি প্ৰশিক্ষণ কক্ষ আৰু প্ৰডাকচন ইনোভেচন লেবৰেটৰীলৈ গৈছিলো আৰু কোম্পানীটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছিলো । এই অৰ্ধপৰিবাহী অঞ্চল ভাৰত-জাপান সহযোগিতাৰ এটা প্ৰধান অঞ্চল । বছৰ বছৰ ধৰি ভাৰতে অঞ্চলটোত বহুখিনি অগ্ৰগতি লাভ কৰিছে । বহু যুৱকেও ইয়াত যোগ দিছে । আমি আগন্তুক সময়তো এই গতি অব্যাহত ৰাখিব বিচাৰো ।‘
শনিবাৰে বিয়লি জাপান ভ্ৰমণ সামৰি চীনলৈ উৰা মাৰে প্ৰধানমন্ত্ৰী মোদী । জাপান ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছে যে জাপানলৈ কৰা এই যাত্ৰা স্মৰণীয় হ’ব । তেওঁ লিখিছে যে জাপানলৈ কৰা এই যাত্ৰা আমাৰ দেশৰ জনসাধাৰণক উপকৃত কৰিব পৰা উপযোগী ফলাফলৰ বাবে স্মৰণ কৰা হ’ব । প্ৰধানমন্ত্ৰী ইছিবা, জাপানী জনসাধাৰণ আৰু চৰকাৰক তেওঁলোকৰ আদৰণিৰ বাবে ধন্যবাদ জনাইছো ।
লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত; আমেৰিকাৰ আদালতে শুল্কক অবৈধ বুলি কৰিলে ঘোষণা