পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য
ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ ৪ মেচখন সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষত আছিল। দেওবাৰে টিম ইণ্ডিয়াই মাত্ৰ ১৮.৫ অভাৰত পাকিস্তানৰ বিৰুদ্ধে ১৭২ ৰানৰ লক্ষ্য অৰ্জন কৰি এক গুঞ্জৰিত জয় লাভ কৰে।
এই জয়ৰ যুগল আছিল অভিষেক শৰ্মা আৰু শুভমান গিল,তেওঁলোকৰ যুটিয়ে মাত্ৰ ৪৯টা বলত প্ৰথম উইকেটৰ বাবে ১০৫ ৰান সংযোজন কৰি মেচখন ঘূৰাই আনে। অভিষেকে নিজৰ ইনিংছত ৫টা ছয় আৰু ৬টা চাৰি কৰে।
মেচৰ পিছত উপস্থাপন অনুষ্ঠানৰ সময়ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ অভিষেক শৰ্মাই কয় – ‘আজি সকলো সহজ আছিল।’
‘যি কাৰণত তেওঁলোক কোনো কাৰণ নোহোৱাকৈ আমাৰ সন্মুখলৈ আহি আছিল,সেইটো মোৰ একেবাৰেই ভাল নালাগিল।সেইবাবেই মই তেওঁলোকৰ বিৰুদ্ধে আক্ৰমণাত্মক খেলিছিলো’।
‘মোৰ লক্ষ্য আছিল দলৰ হৈ প্ৰদৰ্শন কৰা। আমি (গিল আৰু অভিষেক) স্কুলীয়া দিনৰ পৰাই একেলগে খেলি আহিছো,ইজনে সিজনৰ সংগ উপভোগ কৰো। আজি আমি সিদ্ধান্ত ললোঁ আৰু আমি কৰিলোঁ’।
‘গিলে যিদৰে সঁহাৰি জনাইছিল,মোৰ সেইটো বৰ ভাল লাগিল।মই অতি কঠোৰ অনুশীলন কৰি আছো আৰু যদি মোৰ দিন হয় তেন্তে মই নিশ্চিতভাৱে মোৰ দলটোক জয়ী কৰিম।’
আচলতে যেতিয়া ভাৰতীয় দলটোৱে পাকিস্তানী বলাৰসকলক ছিন্নভিন্ন কৰি আছিল, তেতিয়া পাকিস্তানী খেলুৱৈসকল নাৰ্ভাছ হৈ পৰিছিল।
অভিষেকেও প্ৰত্যুত্তৰ দিয়াত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়।ইয়াৰ পিছতে আম্পায়াৰ গাজী সোহেলে দুয়োৰে মাজত হোৱা তৰ্কত হস্তক্ষেপ কৰে।
লগতে পঢ়ক: BCCI ৰ ডাঙৰ সিদ্ধান্ত; মহিলা বিশ্বকাপৰ উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত