দিল্লীত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আম আদমী পাৰ্টি । দলটোৰ ১৩ গৰাকী কাউন্সিলাৰে পদত্যাগ কৰিছে । নতুন দল গঠনৰ কথা ঘোষণা কৰিছে বিদ্ৰোহী কাউন্সিলাৰসকলে । এম চি ডিত বিদ্ৰোহী নেতাই এটা সুকীয়া গোট গঠন কৰিছে । এই পৌৰসভাৰ কাউন্সিলাৰসকলে আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰি ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । হেমচন্দ্ৰ গোৱেলৰ নেতৃত্বত তৃতীয় ফ্ৰণ্ট গঠনৰ সিদ্ধান্ত লোৱা হৈছে । মুকেশ গোৱেল হ’ব দলৰ অধ্যক্ষ ।
আম আদমি পাৰ্টিয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্ৰোহী কাউন্সিলাৰসকলে । ২০২২ চনত আম আদমী পাৰ্টিৰ টিকটত তেওঁলোক এম চি ডিৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয় । কিন্তু এম চি ডিত ক্ষমতালৈ অহাৰ পাছতো আম আদমি পাৰ্টিৰ শীৰ্ষ নেতৃত্বই এম চি ডি সুচাৰুৰূপে চলাব পৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে তেওঁলোকে ।
আম আদমী পাৰ্টিৰ এই কাউন্সিলাৰসকলে পদত্যাগ কৰে-
আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰা কাউন্সিলাৰ কেইজনৰ ভিতৰত আছে হেমান চান্দ গোৱেল, দীনেশ ভৰদ্বাজ, হিমানী জৈন, উষা শৰ্মা, চাহাব কুমাৰ, ৰাখী কুমাৰ, অশোক পাণ্ডে, ৰাজেশ কুমাৰ, অনিল ৰাণা, দেৱেন্দ্ৰ কুমাৰ, হিমানী জৈন ।