শুকুৰবাৰে কানাডাই আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম (এছ ডি এছ) ভিছা কাৰ্যসূচী বন্ধ কৰি দিয়ে । ইমিগ্ৰেচন, ৰিফিউজী আৰু চিটিজেনশ্বীপ কানাডাই (আই আৰ চি চি) আন্তৰ্জাতিক শিক্ষাৰ্থীসকলৰ বাবে অধ্যয়ন অনুমতিৰ আৱেদন ত্বৰান্বিত কৰিবলৈ ২০১৮ চনত ভিছা কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
এই কাৰ্যসূচী ব্ৰাজিল, চীন, কলম্বিয়া, কোষ্টাৰিকা, ভাৰত, মৰক্কো, পাকিস্তান, পেৰু, ফিলিপাইনছ আৰু ভিয়েটনামকে ধৰি ১৪খন দেশৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৰূপায়ণ কৰা হৈছিল । খবৰ অনুসৰি কানাডা চৰকাৰে নিজৰ ৱেবছাইটত কয় যে ‘সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আবেদন প্ৰক্ৰিয়াত সমান আৰু ন্যায্য প্ৰৱেশৰ সুবিধা প্ৰদান কৰিবলৈ’ এই পদক্ষেপ বন্ধ কৰা হৈছে ।
ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব ?
এই আঁচনিৰ অধীনত ৮ নৱেম্বৰৰ বিয়লি ২ বজালৈকে লাভ কৰা আৱেদনসমূহহে প্ৰক্ৰিয়াকৰণ কৰা হ’ব, আনহাতে ইয়াৰ পিছত সকলো আৱেদন নিয়মীয়া অধ্যয়ন অনুমতি ধাৰাৰ অধীনত প্ৰক্ৰিয়াকৰণ কৰা হ’ব । এছ ডি এছত অনুমোদনৰ হাৰ বেছি আছিল আৰু প্ৰক্ৰিয়াকৰণৰ সময়ো দ্ৰুত আছিল । এই কাৰ্যসূচী বন্ধ হোৱাৰ বাবে ভাৰতৰ লগতে আন ১৩খন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে দীঘলীয়া ভিছা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব ।
২০১৮ চনত প্ৰৱৰ্তন কৰা ‘ষ্টুডেষ্ট ডাইৰেক্ট ষ্ট্ৰীম’ (এছ ডি এছ)ৰ অধীনত আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে ভিছা প্ৰদান প্ৰক্ৰিয়াত বহু কম সময় লোৱা আৰু তেওঁলোকৰ ভিছা অনুমোদনৰ হাৰ অধিক হোৱা বুলি বিবেচনা কৰে ।
কানাডাই কিয় এই সিদ্ধান্ত লৈছিল ?
বহু বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কানাডাই দেশখনলৈ অহা অনুপ্ৰৱেশকাৰীৰ সংখ্যা যথেষ্ঠ হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে । ক্ষমতাত থাকিবলৈ চেষ্টা কৰা এখন অজনপ্ৰিয় চৰকাৰৰ বাবে এয়া এক নাটকীয় নীতি পৰিৱৰ্তন । কানাডা দীৰ্ঘদিন ধৰি নতুনকৈ অহা লোকক আদৰণি জনোৱাৰ বাবে গৌৰৱ কৰি আহিছে যদিও এতিয়া অনুপ্ৰৱেশকাৰীৰ প্ৰতি নিজৰ নীতি সলনি কৰিছে ।
আটাইতকৈ বিতৰ্কিত বিষয়সমূহৰ ভিতৰত অন্যতম-
২০২৫ চনৰ অক্টোবৰৰ পূৰ্বে ফেডাৰেল নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে এই বিষয়টো কানাডাৰ ৰাজনীতিত অন্যতম বিতৰ্কিত বিষয় হৈ পৰিছে । সমীক্ষাত দেখা গৈছে যে জনসাধাৰণৰ এক বৃহৎ সংখ্যকে ভাবে যে কানাডাত অনুপ্ৰৱেশকাৰীৰ সংখ্যা অত্যধিক । কানাডাত বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৰ্বাধিক উৎস দেশ ভাৰত আৰু আনুমানিক ৪,২৭,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰি আছে ।