আথিয়া চেট্টী আৰু তেওঁৰ স্বামী কে এল ৰাহুলে তেওঁলোকৰ অনুৰাগীসকলক দিছে এটা ভাল খবৰ। অতি শীঘ্ৰেই তেওঁলোকে প্ৰথম সন্তানক আদৰণি জনাব। ২০২৩ চনৰ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱা বিখ্যাত দম্পতীহালে ইনষ্টাগ্ৰামত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰি কয় যে “২০২৫ চনত পিতৃ-মাতৃ হ’বলৈ গৈ আছে”। অতি সোনকালেই ককা হ’ব সুনীল চেট্টী।
টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টীয়ে ৮ নৱেম্বৰ শুক্ৰবাৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক এই ভাল খবৰটো ভাগ বতৰা কৰিছে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পোষ্টটোত তেওঁ লিখিছে যে- ‘আমাৰ সুন্দৰ আশীৰ্বাদ সোনকালে আহি আছে ২০২৫’ ইয়াৰ লগতে, শিশুৰ ভৰিৰ চিহ্নও দিছে।
বলীউডঅভিনেতা সুনীল চেট্টীয়েও তেওঁৰ জীয়েক আথিয়াৰ এই পোষ্টটো শ্বেয়াৰ কৰিছে আৰু তেওঁৰ ককাদেউতা হোৱাৰ সুখ প্ৰকাশ কৰিছে। একে সময়তে, আথিয়াই তেওঁৰ জন্মদিনৰ কেইদিনমান পিছতে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে। ৰাহুল বৰ্তমান অষ্ট্ৰেলিয়াত আছে য’ত তেওঁ ভাৰত এ ৰ হৈ অষ্ট্ৰেলিয়া এ ৰ বিৰুদ্ধে খেলি আছে। এই খবৰটো লাভ কৰাৰ পিছতে সকলোৱে তেওঁলোকক অভিনন্দন জনাইছে।