অসমত মাদ্ৰাছা বন্ধ কৰাক লৈ এইবাৰ সৰৱ হৈ উঠিছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। উত্তৰ প্ৰদেশৰ মাদ্ৰাছাৰ কথা কৈ প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে ‘অসমত বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা’। মাদ্ৰাছা বন্ধ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব বদৰুদ্দিন আজমল। দৰাচলতে উত্তৰ প্ৰদেশত মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে বুলি এক গুৰুত্বপূৰ্ণ ৰায় দিছে উচ্চতম ন্যায়ালয়ে। মাদ্ৰাছা বন্ধ কৰিবলৈ আহ্বান জনাই ন্যায়ালয়ৰ কাষ চাপিছিল উত্তৰ প্ৰদেশ চৰকাৰ। উত্তৰ প্ৰদেশ চৰকাৰৰ আবেদনৰ শুনানি লৈ গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মতে ‘মাদ্ৰাছাসমূহ অবৈধ নহয়। মুছলমানসকল ভাৰতৰ নাগৰিক। মুছলমানসকলৰো অধিকাৰ আছে । সেয়ে ভাৰতত থকা মাদ্ৰাছাসমূহো বৈধ ‘। কিন্তু অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে ৭৫০খন মাদ্ৰাছা বন্ধ কৰিছে। আৰু ইয়াৰ বিৰোধিতা কৰি এইবাৰ উচ্চতম ন্যায়ালয়লৈ যাব আজমল। প্ৰাক্তন সাংসদ গৰাকীৰ মতে ‘ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ খুলি দিব লাগিব ৭৫০খন মাদ্ৰাছা’।