পুনৰ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল; বিধায়কৰূপে ললে শপত

সোমবাৰে বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰি সক্ৰিয় ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ ইংগিত দি এ আই ইউ ডি এফৰ মুৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে অসম বিধানসভাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰে।

এ আই ইউ ডি এফৰ মুৰব্বী তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে সোমবাৰে অসম বিধানসভাত বিধায়ক হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় থকাৰ পাছত দুটা দশকৰ মূৰত তেওঁ পুনৰ ৰাজ্যিক বিধানসভালৈ প্ৰত্যাৱৰ্তন কৰিলে।

অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজমলক তেওঁৰ চৰকাৰী কক্ষত শপত বাক্য পাঠ কৰোৱায়। মে’ মাহত অনুষ্ঠিত হোৱা সমূহীয়া শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত আজমল পৱিত্ৰ হজ্জ যাত্ৰাৰ বাবে বহিঃৰাষ্ট্ৰত থকাৰ বাবে সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। শপত গ্ৰহণ অনুষ্ঠানত এ আই ইউ ডি এফৰ কেইবাজনো নেতা আৰু প্ৰাক্তন বিধায়ক আজমলৰ সৈতে উপস্থিত থাকে।

শপত গ্ৰহণৰ পাছত বদৰুদ্দিন আজমলে কয় যে দলৰ সৈতে আলোচনা কৰিয়েই তেওঁ পুনৰ ৰাজ্যিক ৰাজনীতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে।

আজমলে কয়, “মই অনুভৱ কৰিলোঁ যে মই স্থানীয় ৰাজ্যিক ৰাজনীতিত অংশগ্ৰহণ কৰা উচিত। আমাৰ দলে এই সিদ্ধান্ত লৈছিল আৰু মোক ইয়াৰ পৰা নিৰ্বাচন খেলিবলৈ কৈছিল। তাৰ পাছত মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলোঁ আৰু ৰাইজে মোক বিপুল সমৰ্থন দিলে।”

ৰাজ্যত চলি থকা উচ্ছেদ আৰু বেদখল বিৰোধী অভিযান সন্দৰ্ভত আজমলে কয় যে চৰকাৰে সাধাৰণ ৰাইজৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে সঠিক নথিপত্ৰ পৰীক্ষা আৰু সংস্থাপন নিশ্চিত কৰা উচিত। তেওঁ লগতে কয় যে তেওঁলোকৰ দলে এই বিষয়সমূহ আইনী আৰু ৰাজনৈতিকভাৱে উত্থাপন কৰি যাব আৰু প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হ’ব।

সংখ্যালঘু প্ৰতিনিধিসকলৰ ভূমিকাৰ সন্দৰ্ভত আজমলে কয় যে নিৰ্বাচিত নেতাসকলে সদায় জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা উচিত।

লগতে পঢ়ক: প্ৰতিবন্ধকতা আঁতৰিলঃ ইউৰোপৰ ২৭ খন দেশৰ বাবে খোল খালে অসমৰ দুৱাৰ!

হঠাৎ অসুস্থ AIUDFৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমল

২১ মে’ত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল AIUDFৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমলৰ। কিন্তু হঠাৎ সোমবাৰে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হয় তেওঁ।

হঠাৎ অসুস্থ AIUDFৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমল। লগে লগে মুম্বাইৰ জাচলক হাস্পতালত ভৰ্তি কৰোৱা হয় মৌলানা বদৰুদ্দিন আজমলক। বৰ্তমান হাস্পতালখনতে চিকিৎসাধীন হৈ আছে AIUDF সভাপতিগৰাকী।

জানিব পৰা মতে ২১ মে’ত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল বদৰুদ্দিন আজমলৰ। হজ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত অসুস্থ হৈ পৰিছে বিধায়ক গৰাকী।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি; বিলাসী বাহন এৰি মেট্ৰ’ৰে যাত্ৰা দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

“তিনি গগৈ হাৰিবই…মই এতিয়াও অফাৰ দিছো”; ভোটদানৰ পিছতেই বদৰুদ্দিন আজমলৰ ডাঙৰ মন্তব্য

উজনিৰ তিনি গগৈক লৈ বদৰুদ্দিন আজমলে এক ডাঙৰ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে কৈছে যে এইবাৰ তিনি গগৈৰ পৰাজয় হোৱাটো নিশ্চিত।

৫ বজাৰ লগে লগে সামৰণি পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। শান্তিপূৰ্ণভাৱেই সম্পন্ন ১২৬ সমষ্টিৰ ভোটগ্ৰহণ। ভোটদান সম্পন্ন হোৱাৰ পিছতেই বদৰুদ্দিন আজমলে এক ডাঙৰ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে কয় যে,  আমি ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো। কিন্তু তাৰ ভিতৰত প্ৰায় ২৫ খন আসনত আমি জয় লাভ কৰিম। সকলো স্থানতে এআইইউডিএফ ৰ ঢৌ উঠিছে। সকলোতে এতিয়া কেৱল এআইইউডিএফ তলা-চাবি জিলিকিছে। সকলোৱে শান্তি-প্ৰগতি শিক্ষাৰ কাৰণে তলা চাবি আনিবই।

বদৰুদ্দিন আজমলে লগতে কয় যে, কংগ্ৰেছৰ লগত যিমানেই মিত্ৰতা নকৰক কিয় তিনি গগৈ হাৰিবই খাটাং।সেই কথা মই লিখি দিব পাৰিম। অখিল গগৈক জিকাই মন্ত্ৰী সভা বনাব পাৰিব নেকি?  আৰু লুৰিণজ্যোতি গগৈৰ নামেই নাই। যদি মন্ত্ৰীত্ব লাভ কৰিব বিচাৰে তেনেহলে মই এতিয়াও অফাৰ দিছো। মই এতিয়াও সাজু আছো।  

লগতে পঢ়ক: ‘আমি গৌৰৱী অসমীয়া কিন্তু গৌৰৱ গগৈ গৌৰৱী অসমীয়া নহয়’; কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

‘কংগ্ৰেছে আমাক সংগ দিলে বিজেপিক অসমৰ পৰা বাহিৰ কৰিব পাৰিলো হয়’; বদৰুদ্দিন আজমল

ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কয় যে যদি কংগ্ৰেছ আৰু এআইইউদিএফ একলগ হয় তেন্তে বিজেপিক অসমৰ পৰা নোহোৱা কৰিব পাৰিলে হয়।

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ত তপৰ কৈ উঠিছে। তাৰ মাজতে বদৰুদ্দিন আজমলে বিজেপিৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। আজমলে কৈছে যে, যদি কংগ্ৰেছে আমাৰ সংগ দিলে হয়, তেতিয়াহ’লে আমি একেলগে বিজেপিক অসমৰ পৰা বাহিৰ কৰিব পাৰিলো হয়। কিন্তু কংগ্ৰেছে আমাক লগ দিয়া নাই। এইবাৰ নিৰ্বাচনত এআইইউদিএফ দুই নম্বৰত থাকিব আৰু কংগ্ৰেছ তিনি নম্বৰত থাকিব। অসমত এতিয়া বিৰোধী বুলি কোনো নাই।

বদৰুদ্দিন আজমলে লগতে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰি কয় যে, লুৰিণজ্যোতি গগৈ মুছলমানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী।লুৰিণজ্যোতিৰ নাও ডুবাবলৈ বিন্নাকান্দিত আজমল সাজু হৈছে।২২ লাখ মুছলমান লোকৰ ওপৰত আপত্তি দৰ্শাইছিলে।তেওঁলোকে আমাৰ শত্ৰুৰ লোকক টিকট দিছে।কিন্তু বিন্নাকান্দিত আমি নাও ডুবাই দিম। আমাৰ শত্ৰুক আমি কেতিয়াও ভোট নিদিও।তলা-চাবিত শান্তি, প্ৰগতি, মহিলাৰ অধিকাৰৰ কথা আছে, নাৰী শিক্ষা আছে এনেধৰণৰ প্ৰাৰ্থী হে আমাক লাগে। বিন্নাকান্দিত আমি চোৰ-ডকাইতৰ লগত নাযাওঁ।মুছলমানৰ শত্ৰুৰ লগতো বিন্নাকান্দিৰ ৰাইজ নাযায়।  

লগতে পঢ়ক: অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ