সংকটগ্ৰস্ত এয়াৰলাইন জেট এয়াৰৱেজ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । এতিয়া উচ্চতম ন্যায়ালয়ে ইয়াৰ সম্পত্তি বিক্ৰী কৰাৰো নিৰ্দেশ দিছে । উচ্চতম ন্যায়ালয়ে আজি অৰ্থাৎ ৭ নৱেম্বৰত সমস্যাৰ সন্মুখীন হোৱা এই এয়াৰলাইনটো, অৰ্থাৎ ইয়াৰ সম্পত্তি বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণৰ (NCLAT) সিদ্ধান্ত নাকচ কৰে ।
এন চি এল এ টিয়ে অনুমোদিত ৰিজ’লিউচন প্লেনৰ অধীনত জেট এয়াৰৱেজৰ মালিকীস্বত্বৰ অধিকাৰ জালান-কলৰক কনচৰ্টিয়ামক (JKC) গতাই দিয়াৰ সিদ্ধান্ত লৈছিল । অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ভাৰতীয় ষ্টেট বেংক আৰু অন্যান্য ঋণদাতাই আবেদন দাখিল কৰিছিল । উচ্চতম ন্যায়ালয়ে জেট এয়াৰৱেজক পুনৰ শুদ্ধ পথলৈ অনাৰ বাবে কনচৰ্টিয়ামৰ প্ৰস্তাৱিত ৰিজ’লিউচন প্লেন বাতিল কৰি কয় যে কনচৰ্টিয়ামে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰথম কিস্তিও দিব নোৱাৰিব ।
তিনিজন ন্যায়াধীশৰ বিচাৰপীঠে দিলে ৰায়-
উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত ১৬ অক্টোবৰত সংৰক্ষিত ৰাখিছিল আৰু মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে ইয়াক ঘোষণা কৰিছিল । জালান কলৰকে দিয়া ১৫০ কোটি টকাৰ বেংক গেৰাণ্টিও জব্দ কৰা হৈছে ।