আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে এজন নতুন ৰাষ্ট্ৰপতি লাভ কৰিছে। পুনৰবাৰ, ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত জয়ী হৈছে। এতিয়াৰে পৰা ট্ৰাম্পে তেওঁৰ পৰিয়ালৰ সৈতে হোৱাইট হাউচত বাস কৰিব। ১৮০০ চনৰ পৰাই হোৱাইট হাউচ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান হৈ আহিছে।
হোৱাইট হাউচ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ও হয়। বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ সৰ্বোচ্চ পদবীৰ ব্যক্তিজনৰ ঘৰ আৰু কাৰ্যালয়ক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সুৰক্ষিত অট্টালিকা হিচাপে গণ্য কৰা হয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বাসভৱন অৰ্থাৎ হোৱাইট হাউচ যথেষ্ট বিলাসী। ই ৫৫ হাজাৰ বৰ্গফুটত বিয়পি আছে। এই ভৱনটোৰ মুঠ ৬ টা মহলাৰ লগতে মুঠ ১৩২ টা কোঠা আছে।
ইয়াত মুঠ ৩৫ টা বাথৰুম আছে। মুঠতে, হোৱাইট হাউচত ৪১২ খন দুৱাৰ আৰু ১৪৭ খন খিৰিকী আছে। হোৱাইট হাউচত আঠটা চিৰি আৰু তিনিটা এলিভেটৰ আছে। হোৱাইট হাউচত এখন ব্যক্তিগত চলচ্চিত্ৰ প্ৰদৰ্শন থিয়েটাৰো আছে। হোৱাইট হাউচৰ চৌহদত ১৮একৰৰ পথাৰো আছে। ইয়াৰ উপৰিও, এটা চুইমিং পুল, টেনিছ আৰু বাস্কেটবল কোৰ্ট আৰু জগিং ট্ৰেকো ইয়াত উপলদ্ধ । হোৱাইট হাউচৰ অফিচিয়েল ৱেবছাইট অনুসৰি, দৈনিক ৬ হাজাৰ দৰ্শনাৰ্থী ইয়াত উপস্থিত হয়।
হোৱাইট হাউচত ৰাষ্ট্ৰপতি আৰু কৰ্মচাৰীৰ বাবে ৰান্ধিবলৈ পাঁচজন ৰান্ধনী নিযুক্ত কৰা হৈছে। হোৱাইট হাউচৰ ৰান্ধনীশালত ১১৪০ জন লোকৰ বাবে খাদ্য প্ৰস্তুত কৰিব পাৰে। হোৱাইট হাউচ টো ইমানে বিলাসী যে কেৱল ইয়াৰ বাহ্যিক ৰং কৰিবলৈ ৫৭০ গেলন ৰং লাগে। জানিব পৰা মতে ১৭৯২ চনৰ ১৩ অক্টোবৰত হোৱাইট হাউচৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আইৰিছ স্থপতিবিদ জেমছ হোবানৰ নক্সা ইয়াৰ নিৰ্মাণৰ বাবে বাছনি কৰা হৈছিল। এই বিশ্ববিখ্যাত ভৱনটো নিৰ্মাণ কৰিবলৈ আঠ বছৰ সময় লাগিছিল।
সেই সময়ত এই ভৱনটোক ৰাষ্ট্ৰপতিগৃহ হিচাপে নামাকৰণ কৰা হৈছিল। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে ইয়াক নিৰ্মাণ কৰিছিল কিন্তু ইয়াত বাস কৰাৰ সৌভাগ্য তেওঁৰ নহ’ল , কাৰণ নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পূৰ্বেই ১৭৯৯ চনৰ শেষৰ ফালে তেওঁৰ মৃত্যু হয়। হোৱাইট হাউচ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালৰ ঘৰেই নহয়, ই আমেৰিকাৰ ইতিহাসৰ এক জীৱন্ত সংগ্ৰহালয়।