অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথমখন মেচত ২০৩ ৰাণতে ধৰাশায়ী হ’ল পাকিস্তান। মিচেল ষ্টাৰ্কৰ দুৰ্দান্ত বলিং প্ৰদৰ্শনৰ বাবেই প্ৰথমখন এদিনীয়াত পাকিস্তানে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ২০৩ ৰানতে সামৰিব লগা হয় বেটিং।
৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত এদিনীয়া শৃংখলা। মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত দুয়োটা দলৰ মাজত অনুষ্ঠিত হৈছে প্ৰথমখন এদিনীয়া খেল। টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰা পাকিস্তান দলৰ বেটিং অতি দুৰ্বল হোৱাৰ বাবে সমগ্ৰ দলটোৱে ৫০ অভাৰো খেলিব পৰা নাছিল। পাকিস্তানে ৪৬.৪ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে মাত্ৰ ২০৩ ৰান। মহম্মদ ৰিজৱানে ২টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৭১টা বলত ৪৪ ৰানৰ ইনিংছ খেলি পাকিস্তানৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও নছিম শ্বাহে ৪টা ছয় আৰু ১টা চাৰিৰ সহায়ত ৩৯ টা বলত ৪০ ৰানৰ বৰঙণি আগবঢ়ায়।
ষ্টাৰকে এটা অভিলেখ সৃষ্টি কৰিলে পাকিস্তানী বেটছমেনসকলক আটাইতকৈ বেছি অশান্তি দিছিল মিচেল ষ্টাৰ্কে। ষ্টাৰ্কে ১০ অভাৰত ৩টা মেইডানসহ মাত্ৰ ৩৩ ৰানত ৩ উইকেট দখল কৰে। এই দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই মিচেল ষ্টাৰ্কে অষ্ট্ৰেলিয়াৰ মাটিত ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। মিচেল ষ্টাৰ্কে পাকিস্তানী অ’পেনিং বেটছমেন আব্দুল্লা শ্বাফিকৰ উইকেটৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ মাটিত এদিনীয়া খেলত ১০০টা উইকেট সম্পূৰ্ণ কৰে আৰু তেওঁ এনে কৰা ষষ্ঠজন অষ্ট্ৰেলিয়ান বলাৰ হিচাপে পৰিগণিত হয়। ষ্টাৰ্কৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ হৈ ঘৰুৱা ক্ষেত্ৰত ১০০টা এদিনীয়া উইকেট দখল কৰাৰ কৃতিত্ব ব্ৰেট লী, গ্লেন মেকগ্ৰাথ, শ্বেন ৱাৰ্ণ, ক্ৰেগ মেকডাৰমট আৰু ষ্টিভ ৱাফে লাভ কৰিছিল।