দীঘলীপুখুৰীৰ পাৰৰ গছ ৰক্ষা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে আন্দোনত বহিছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। এই গছ ৰক্ষা কৰা আন্দোলনৰ সময়তেই বহু বিতৰ্ক মন্তব্য কৰিছিল জুবিন গাৰ্গে। জুবিন গাৰ্গে অসমীয়া ভাযাক লৈ কৰা বিতৰ্কিত মন্তব্যব বাবে জুবিনক তীব্ৰ সমালোচনা কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । সংবাদমাধ্যমৰ আগত প্ৰশান্ত ফুকনে জুবিনৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে “ জুবিন গাৰ্গ কোন হয়? জুবিনৰ লিভাৰ বেলেগ জেগাত আছে নেকি ? কেইটামান গান গালেই বুলিয়েইম জুবিনৰ সকলো কথা বেদৰ বাণী হ’ব নেকি? জুবিনে কেৱল গান হে ভালকৈ গাব জানে , মন্তব্য ভালকৈ দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে গছ নাকাটো বুলি আশ্বাস দিয়াৰ পিছটো তেওঁলোক কি কাৰণত গছৰ তলত বহি আছে”। শেহতীয়াকৈ অসমীয়া ভাষাক লৈ কৰা মন্তব্যৰ বাবে বিৰ্তকত সোমাই পৰা জুবিন গাৰ্গক এনেদৰেই উভতি ধৰিলে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে।উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিক লৈ কৈছিল যে, দেশৰ কেৱল এটাই ধ্ৰুপদী ভাষা আছে। সেয়া হৈছে সংস্কৃত। অসমীয়াৰ ভাষাৰ বয়স মাত্ৰ ২০০বছৰ।‘ জুবিনৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিজ্ঞজনে জুবিনৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিছিল।