পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা বিস্ফোৰণত পাঁচজন স্কুলীয়া ছাত্ৰ সাতজন লোক নিহত হয়।শুকুৰবাৰে পুৱা ৮:৩৫ বজাত মাষ্টুং জিলাৰ অসামৰিক চিকিৎসালয় চকত অৱস্থিত এখন ছোৱালী মাধ্যমিক বিদ্যালয়ৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হয়। সন্ত্ৰাসবাদীসকলে ৰখাই থোৱা এখন মটৰচাইকেলত ৰাখিছিল বোমাটো।যিটো বিস্ফোৰমৰ বাবে ৰিম’ট-কণ্ট্ৰোল ডিভাইচ ব্যৱহাৰ কৰিছিল।জানিব পৰা মতে সন্ত্ৰাসবাদীসকলৰ লক্ষ্য আছিল বিদ্যালয়খনৰ সমীপতে থকা আৰক্ষীৰ চকী।যেতিয়া আৰক্ষীৰ বাহনখন আইইডিৰ ওচৰত উপস্থিত হৈছিল, ই বিস্ফোৰণ হৈছিল । কিন্তু সেই সময়ত ওচৰতে এখন স্কুল বাছো আছিল। বিস্ফোৰণটোৰ ৫ জন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সহ এজন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়।