চাঞ্চল্যকৰ হত্যা কাণ্ডই জোকাৰিছে পশ্চিম নলবাৰীৰ বেলশৰ থানাৰ অন্তৰ্গত ককয়া। স্বামী হীৰক নাথৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। পৰিয়ালৰ অভিযোগ মতে যৌতুকৰ বাবে নিজ স্বামীয়ে এই হত্যা কাণ্ড সংঘটিত কৰিলে। অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা পত্নীক যৌতুকৰ বাবে অত্যচাৰ চলাই আহিছিল । আৰু শনিবাৰে পুৱা পত্নী নবনিতা দাসক তেওঁৰে স্বামী হিৰক নাথে ডিঙিত চেপি হত্যা কৰে । খবৰ পোৱা লগে লগে বেলশৰ থানাৰ আৰক্ষীৰ দলে হিৰক নাথক আটক কৰে , নবনিতাৰ পৰিয়ালে আৰক্ষী লগতে মুখ্য মন্ত্ৰীৰ ওচৰতো বিচাৰিছে ন্যায় ।বোৱাৰী গৰাকীৰ হত্যাৰ ঘটনাই জোকাৰী গৈছে সমগ্ৰ অঞ্চল।