অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰাই

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকাই শেষ নিশ্বাস ত্যাগ কৰে

নলবাৰী জিলাত সংঘটিত এক জঘন্য আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যখনক জোকাৰি যোৱাৰ এমাহতকৈও অধিক সময়ৰ পিছত, আজি ৩ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকাই শেষ নিশ্বাস ত্যাগ কৰে ।

এমাহজোৰা জীৱন যুদ্ধৰ অৱসান :

যোৱা ৩০ মে’ৰ নিশা মুকালমুৱাৰ অন্তৰ্গত গংগাপুৰত সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰীগৰাকী । তেতিয়াৰে পৰা মৃদুমুদ্ৰাই GMCH-ৰ অতিশয় জৰুৰীকালীন কক্ষত চিকিৎসাধীন হৈ আছিল । এমাহতকৈও অধিক সময় ধৰি চিকিৎসকে চলোৱা চেষ্টাৰ পিছতো অৱশেষত আজি তেওঁ জীৱন যুদ্ধত হাৰ মানে । উল্লেখ্য যে এই একেটা আক্ৰমণতে মৃদুমুদ্ৰাৰ সম্পৰ্কীয় ভাতৃ তথা ১৯ বছৰীয়া মাধুৰ্য বৰ্মন নামৰ আন এজন যুৱকৰ থিতাতে মৃত্যু হৈছিল । চামতাৰ বালিপথাৰৰ বাসিন্দা মাধুৰ্যই পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

কেনেকৈ ঘটিছিল এই ঘটনা?

ঘটনাৰ দিনা মৃদুমুদ্ৰা আৰু মাধুৰ্যই স্কুটীৰে নলবাৰী চহৰৰ পৰা ঘৰলৈ উভতি আহিছিল । তেনে সময়তে গংগাপুৰত ৰোজ আলী নামৰ দুৰ্বৃত্তটোৱে তেওঁলোকক আধাবাটতে ভেটি ধৰি চোকা অস্ত্ৰৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ।

পাছত পথৰ কাষত তেওঁলোকক ক্ষত-বিক্ষত আৰু ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰা হয় । মাধুৰ্যক ঘটনাস্থলীতে মৃত ঘোষণা কৰা হয় যদিও মৃদুমুদ্ৰাক সংকটজনক অৱস্থাত প্ৰথমতে স্থানীয় চিকিৎসালয়লৈ আৰু পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GMCH-লৈ প্ৰেৰণ কৰা হৈছিল ।

ৰাইজৰ ক্ষোভ আৰু আৰক্ষীৰ এনকাউণ্টাৰ:

এই ঘটনাই সমগ্ৰ অসমতে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল । স্থানীয় ৰাইজ, ছাত্ৰ সংগঠন তথা বিভিন্ন দল-সংগঠনে দোষীৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । আনহাতে, একাংশই এই ঘটনাৰ আঁৰত “লাভ জেহাদ”ৰ সম্পৰ্ক থকা বুলি অভিযোগ তুলিছিল । ইফালে, ঘটনাৰ মূল অভিযুক্ত ৰোজ আলীক মুকালমুৱাত অসম আৰক্ষীয়ে চলোৱা এক এনকাউণ্টাৰত মৃত্যু হয় । আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তেই সংঘটিত হৈছিল এই এনকাউণ্টাৰ ।

মৃদুমুদ্ৰাৰ মৃত্যুৰ পিছতে এতিয়া ৰাজ্যৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : ডিমা হাচাওৰ জাটিংগা দলঙৰ কাষত ভয়ংকৰ ঘটনা

এই ঘটনাৰ উচিত বিচাৰ হ’বঃ মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মন্তব্য নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা

আজি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা মৃত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হয়

নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা নৃশংস আক্ৰমণৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ মাজতে, আজি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা মৃত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হয় । শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি বিধায়কগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে ।

এই পৰিদৰ্শনকালত নলবাৰীৰ বিধায়কগৰাকীৰ সৈতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকায়ো সংগ দিয়ে । দুই জনপ্রতিনিধিয়ে শোকাহত পৰিয়ালটোৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ দুখৰ সমভাগী হয় আৰু এই কঠিন সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে ।

ৰাজ্য জোকাৰি যোৱা ঘটনা, ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি-

মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা মুখামুখিত জয়ন্ত মল্ল বৰুৱাই কয় যে এই ঘটনাই সমগ্ৰ অসমবাসীক গভীৰভাৱে জোকাৰি গৈছে । ঘটনাৰ উচিত তদন্ত আৰু ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দৃঢ়তাৰে দোহাৰে ।

“লাভ জিহাদ”ৰ প্ৰসংগ আৰু কঠোৰ সকীয়নি-

গোচৰটোৰ সৈতে জড়িত বিভিন্ন অভিযোগ সন্দৰ্ভত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে একাংশই “লাভ জিহাদ” বুলি অভিহিত কৰা এনেধৰণৰ ঘটনা অলপতে ৰাজ্যখনত বৃদ্ধি পাবলৈ ধৰিছে । এই প্ৰৱণতাক “অত্যন্ত দুখজনক” আৰু চিন্তনীয় বুলি আখ্যা দি তেওঁ কয় যে এনে জঘন্য অপৰাধত লিপ্ত থকা যিকোনো দোষীৰ বিৰুদ্ধে চৰকাৰে কঠোৰতকৈ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে চৰকাৰৰ তৰফৰ পৰা স্বৰ্গীয় মাধুৰ্য বৰ্মনৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব । মুখ্যমন্ত্রীয়ে নিজেই অতি সোনকালে মাধুৰ্য বৰ্মনৰ বাসগৃহ পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে তেওঁ সদৰী কৰে ।

উল্লেখ্য যে, গংগাপুৰৰ এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু গণ-বিক্ষোভৰ সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ন্যায়ৰ দাবীত চৌদিশে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে ।

লগতে পঢ়ক : ৰৌজ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে, ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত

ৰৌজ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে, ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত

মুকালমুৱাৰ গংগাপুৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৰৌজ আলিৰ পৰিয়ালক এঘৰীয়া কৰিছে ৰাইজে । ৰাজহুৱা কবৰস্থানতো সমাধিস্থ কৰিবলৈ দিয়া নহ’ব বুলি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে ।

নলবাৰী জিলাৰ মুকালমুৱাৰ গংগাপুৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৰৌজ আলিৰ পৰিয়ালক এঘৰীয়া কৰিছে ৰাইজে । অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা ৰৌজ আলিৰ মৃতদেহ নিজ গাঁও দেহৰকালকুচিৰ ৰাজহুৱা কবৰস্থানত সমাধিস্থ কৰিবলৈ দিয়া নহ’ব বুলি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে । এই ঘটনাৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰৌজ আলীৰ পৰিয়ালক । ৰৌজ আলীৰ পৰিয়ালৰ সৈতে গাঁওবাসীয়ে কোনো সম্পৰ্ক নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

৬ খন গাঁৱৰ যৌথ সিদ্ধান্ত :

প্ৰাপ্ত তথ্য অনুসৰি, এই সিদ্ধান্তটো কেৱল দেহৰকালকুচি গাঁৱৰ বাসিন্দাসকলেই নহয়, বৰঞ্চ ওচৰ-চুবুৰীয়া আন পাঁচখন গাঁৱৰ ৰাইজেও একগোট হৈ গ্ৰহণ কৰিছে । কেৱল কবৰস্থানত স্থান নিদিয়াই নহয়, অভিযুক্ত ৰৌজ আলিৰ জনাজাত (অন্ত্যেষ্টিক্ৰিয়া) বা কোনো ধৰণৰ ধৰ্মীয় ৰীতি-নীতিত গাঁৱৰ কোনো লোকে অংশগ্ৰহণ নকৰে বুলিও ৰাইজে একমুখে সংকল্প লৈছে ।

কেনেকৈ হৈছিল এনকাউণ্টাৰ ?

আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, গংগাপুৰ আক্ৰমণ কাণ্ডৰ তদন্তৰ অংশ হিচাপে মুকালমুৱা অঞ্চলত আৰক্ষীয়ে এক অভিযান চলাইছিল । উক্ত অভিযানৰ সময়তে মূল অভিযুক্ত ৰৌজ আলি নামৰ দুৰ্বৃত্তটো আৰক্ষীৰ গুলীত নিহত হয় ।

আছিল কি এই গংগাপুৰ কাণ্ড ?

উল্লেখ্য যে, যোৱা শনিবাৰে নিশা মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰত এক অতি বৰ্বৰ ঘটনা সংঘটিত হৈছিল । স্কুটীৰে যাত্ৰা কৰি থকা অৱস্থাত দুগৰাকী যুৱক-যুৱতী ক্ৰমে- ১৯ বছৰীয়া মাধুৰ্য বৰ্মন আৰু ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকাৰ ওপৰত চোকা অস্ত্ৰৰে প্ৰাণঘাতী আক্ৰমণ চলাইছিল পাষাণ ৰৌজ আলীয়ে ।

এই প্ৰাণঘাতী আক্ৰকমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । আনহাতে বৰ্তমানো সংকটজনক অৱস্থাত হস্পিটালত চিকিৎসাধীন হৈ আছে মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী । এই জঘন্য ঘটনাৰ মূল মাষ্টাৰমাইণ্ড হিচাপে তদন্তকাৰীকাৰী দলে ৰৌজ আলিক চিনাক্ত কৰিছিল ।

লগতে পঢ়ক : নলবাৰী কাণ্ডৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ

নলবাৰী কাণ্ডৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ

নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত ৰোজ আলীক এনকাউণ্টাৰ। আৰক্ষীৰ গুলিত নিহত হয় ৰোজ আলী।

 নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ২৪ ঘণ্টা নৌহতেই হত্যাকাৰীক ৰোজ আলীৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। নলবাৰীৰ ঘটনাৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ। মুকালমুৱা চৰত এনকাউণ্টাৰ ৰোজ আলীক। ঘটনাটোৰ পিছতেই আৰক্ষীয়ে ৰোজ আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল।

মুকালমুৱা চৰত আত্মগোপন কৰি আছিল ৰোজ আলী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই ৰোজ আলীৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ । আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে ৰোজ আলী। আহত ৰোজ আলীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে নিহত বুলি ঘোষণা কৰে।

লগতে পঢ়ক: প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই কাল হ’ল ভাতৃ-ভগ্নীৰ; ২ মিঞাৰ আক্ৰমণত নিহত মাধুৰ্য বৰ্মন

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই কাল হ’ল ভাতৃ-ভগ্নীৰ; ২ মিঞাৰ আক্ৰমণত নিহত মাধুৰ্য বৰ্মন

পুনৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মিঞাই।
প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই ৰোজ আলী আৰু হিতেশ আলীৰ আক্ৰমণত নিহত হ’ল মাধুৰ্য বৰ্মন।

নলবাৰীৰ মুকালমুৱাৰ গংগাপুৰত দেওবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয়।২ মিঞাৰ আক্ৰমণত নিহত হ’ল পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনৰ। গুৰুতৰভাৱে আহত হয় মৃদুস্মিতা ডেকা নামৰ যুৱতীগৰাকী।

জানিব পৰা মতে নলবাৰীৰ পৰা মৃদুস্মিতা ডেকাই সম্পৰ্কীয় ভায়েক মাধূৰ্য বৰ্মনৰ সৈতে নিজগৃহলৈ স্কুটীৰে গৈ আছিল৷ হঠাৎ ৰোজ আলী আৰু হিতেশ আলীয়ে চোকা দাৰে উপৰ্যুপৰি আক্ৰমন কৰে মৃদুস্মিতা ডেকাক। ভনীয়েকক বচাবলৈ যাওঁতে হত্যাৰ বলি হ’ল মাধুৰ্য।

দৰাচলতে মৃদুস্মিতা ডেকাক ৰোজ আলীয়ে দিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই মৃদুস্মিতা ডেকাক হত্যাৰ চেষ্টা চলাই। দুয়োকে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি ৰক্তাক্ত অৱস্থাত পেলাই থৈ যায়। গুৰুতৰভাৱে আহত যুৱতীগৰাকী  চিকিৎসাধীন অৱস্থাত আছে যদিও আক্ৰমণত থিতাতে নিহত হয় মাধুৰ্য বৰ্মন। ইয়াৰ পূৰ্বেও বহুবাৰ যুৱতীগৰাকীৰ ঘৰত হত্যাৰ ভাবুকি দিছিল ৰোজ আলীয়ে।

লগতে পঢ়ক: ম্যানমাৰত ‘মৃত্যুৰ মহাতাণ্ডৱ’; বিস্ফোৰক সামগ্ৰীৰে ভৰপূৰ অট্টালিকাত অগ্নিকাণ্ড,৪৫ জনৰ মৃত্যু  

নলবাৰীত নিৰ্মাণ হ’ব অসমৰ দ্বিতীয়টো জৰুৰীকালীন অৱতৰণ সুবিধা

নলবাৰী জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ ২৭-ত এক ৫ কিলোমিটাৰ দীঘল জৰুৰীকালীন অৱতৰণ সুবিধা নিৰ্মাণৰ বাবে আনুষ্ঠানিক অনুমোদন জনাইছে

উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । নলবাৰী জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ ২৭-ত এক ৫ কিলোমিটাৰ দীঘল জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) নিৰ্মাণৰ বাবে আনুষ্ঠানিক অনুমোদন জনাইছে । ডিব্ৰুগড়ৰ পিছত অসমত নিৰ্মাণ হ’বলগীয়া এয়া দ্বিতীয়টো এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ।

জানিব পৰা মতে, এই প্ৰস্তাবিত প্ৰকল্পৰ অধীনত টিহু আৰু মাধপুৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বিশেষ অংশক এটা সহযোগী ৰানৱেলৈ ৰূপান্তৰ কৰা হ’ব । এই ৰানৱেটো জৰুৰীকালীন পৰিস্থিতিত সামৰিক পৰিবহন বিমানৰ লগতে অসামৰিক বাণিজ্যিক বিমানসমূহৰ চলাচলৰ বাবেও সম্পূৰ্ণ উপযোগী কৰি তোলা হ’ব ।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সংকট, ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত সেনা কৰ্মী আৰু সাহায্য সামগ্ৰী অতি দ্ৰুতগতিত মোতায়েন কৰাৰ বাবে এক বৈকল্পিক লজিষ্টিক আৰু কাৰ্যবাহী কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ এই প্ৰকল্পটোৰ আৰ্হি প্ৰস্তুত কৰা হৈছে । বিষয়াসকলে সদৰী কৰা অনুসৰি, এই ৰানৱেটো সম্পূৰ্ণৰূপে সামৰিক পৰিচালনাৰ উচ্চ মানদণ্ড অনুসৰি নিৰ্মাণ কৰা হ’ব আৰু ইয়াত গধুৰ বিমান উঠা-নমা কৰিব পৰাকৈ শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলা হ’ব ।

আনহাতে, এই সামৰিকভাৱে স্পৰ্শকাতৰ প্ৰকল্পটোৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) স্থানীয় প্ৰশাসনৰ সৈতে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । বিমান অহা-যোৱা কৰা পথত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, তাৰ বাবে নিৰ্দিষ্ট জ’নিং নিয়মাৱলী কাৰ্যকৰী কৰাৰ লগতে পথছোৱাৰ আশে-পাশে ‘কোনো ধৰণৰ নিৰ্মাণকাৰ্য কৰিব নোৱাৰা অঞ্চল’ (No-Construction Zone) বজাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ সমীপত অসমৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা সফলতাৰে কাৰ্যক্ষম হৈ উঠাৰ পিছতে নলবাৰীত এই দ্বিতীয়টো প্ৰকল্প হাতত লোৱা হৈছে । এই নতুন সুবিধাই উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ কৌশলগত নিৰাপত্তা আৰু প্ৰস্তুতিৰ নেটৱৰ্কক বহু পৰিমাণে সম্প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

নলবাৰীত কংগ্ৰেছৰ গৃহযুদ্ধ: ক্ষুব্ধ কৰ্মীৰ তাণ্ডৱত লণ্ড-ভণ্ড ৰাজীৱ ভৱন! নিৰ্বাচনৰ পূৰ্বে ওলমিল তলা

বিধানসভা নিৰ্বাচনৰ পূৰ্বে নলবাৰী ৰাজীৱ ভৱন ভাঙি লণ্ড-ভণ্ড কৰিলে একাংশ দলীয় কৰ্মীয়ে। ইমানেই নহয় ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তিক লৈ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱনত ওলমালে তলা।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত অন্তঃকন্দলে গুৰুতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। টিকট বঞ্চিত প্ৰাৰ্থীৰ লগতে একাংশ দলীয় কৰ্মী-সমৰ্থকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিছে। সমান্তৰালভাবে দলটোত অব্যাহত আছে পদত্যাগৰ জোৱাৰ।

দেওবাৰে নলবাৰীতো কংগ্ৰেছৰ অভ্যন্তৰত চলি থকা গুৰুতৰ কন্দল পোহৰলৈ আহে। দলীয় কৰ্মীয়ে উগ্ৰ প্ৰতিবাদৰ সাব্যস্ত কৰাৰ লগে লগে জিলা কংগ্ৰেছ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে তলা ওলমোৱাৰ দৰে ঘটনা সংঘটিত হয়।

নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি হিচাপে দিব্যজ্যোতি হালৈক নিযুক্তি দিয়াৰ পিছতেই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই সিদ্ধান্তই দলৰ একাংশ কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰে। জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে টিহু বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে পদটো খালী হৈ পৰিছিল। তেওঁৰ অনুপস্থিতিত জ্যেষ্ঠ নেতা অশোক শৰ্মা আৰু বিধায়ক দিগন্ত বৰ্মনৰ সমৰ্থনত হালৈক নিযুক্তি দিয়া কাৰ্যই কৰ্মীসকলক ক্ষোভিত কৰি তোলে ।
প্ৰতিবাদকাৰী কৰ্মীসকলে অভিযোগ কৰে যে এই পদৰ বাবে বিবেচনাধীন হৈ থকা ড০ নীলকমল ভূঞাক ষড়যন্ত্ৰমূলকভাৱে একাষৰীয়া কৰা হৈছে। এই অসন্তুষ্টিয়ে পূৰ্ণ পৰ্যায়ৰ আন্দোলনৰ ৰূপ লয় আৰু কৰ্মীসকলে ৰাজীৱ ভৱনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দলীয় নেতৃত্বৰ বিৰুদ্ধে শ্লোগান দিয়ে।

প্ৰত্যক্ষদৰ্শীৰ মতে, উত্তেজিত কৰ্মীসকলে কাৰ্যালয়ৰ ভিতৰত চকী-মেজ ভাঙি এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱনৰ মূল গেটত তলা লগাই দিয়ে আৰু সকীয়াই দিয়ে যে যেতিয়ালৈকে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি নতুন কাৰ্যকৰী সভাপতি নিযুক্তি দিয়া নহয়, তেতিয়ালৈকে কাৰ্যালয়টো বন্ধ থাকিব। তেওঁলোকে হালৈৰ নিযুক্তি স্পষ্টভাৱে প্ৰত্যাখ্যান কৰি কয় যে কোনো পৰিস্থিতিতে তেওঁক এই পদত গ্ৰহণ কৰা নহ’ব।

তদুপৰি, আন্দোলনকাৰী কৰ্মীসকলে দিব্যজ্যোতি হালৈক “বিজেপিৰ এজেণ্ট” আখ্যা দি গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে হালৈৰ লগতে অশোক শৰ্মা আৰু দিগন্ত বৰ্মনক দলীয় কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা দিব বুলিও হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক: ৰাইজৰ দল ত্যাগ টিকট বঞ্চিত শ্বেৰমান আলীৰ, তৃণমূলৰ পৰা খেলিব নিৰ্বাচন

ৰাজ্যৰ এইখন জিলাৰ ১০ জানুৱাৰীলৈকে বন্ধ থাকিব চৰকাৰী বে-চৰকাৰী বিদ্যালয়

নলবাৰী শিক্ষা বিভাগৰ ঘোষণা। ৬ তাৰিখৰ পৰা ১০ তাৰিখলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা

ৰাজ্যৰ আন আন জিলাৰ দৰে এইবাৰ নলবাৰী শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।৬ তাৰিখৰ পৰা ১০ তাৰিখলৈ জিলাখনৰ সকলো বিদ্যালয় বন্ধ ঘোষণা।বন্ধ থাকিব নলবাৰীৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়।

প্ৰচণ্ড শীতৰ বাবে নলবাৰী শিক্ষা বিভাগে লৈছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো বিদ্যালয় বন্ধ ঘোষণা নলবাৰী শিক্ষা বিভাগৰ।

লগতে পঢ়ক: পৰীক্ষা পে চৰ্চা ২০২৬ৰ বাবে ৩ কোটিৰো অধিক পঞ্জীয়ন;গঢ়িলে নতুন অভিলেখ

চাঞ্চল্য; নলবাৰীত উদ্ধাৰ ২ টাকৈ মৃতদেহ

বিহুৰ আনন্দৰ মাজতেই পশ্চিম নলবাৰীৰ উদ্ধাৰ হ’ল দুটাকৈ মৃতদেহ।বাটসৰত জানপাৰ চুবুৰীত এটা মৃতদেহ  উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে ।

বাটসৰত উদ্ধাৰ হোৱা মৃতদেহটো ৬২ বছৰীয়া কনক চন্দ্ৰ মেধিৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে । কনক চন্দ্ৰ মেধি আছিল অৱসৰপ্ৰাপ্ত সেনা বিষয়।

উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তি গৰাকী পাছ দিন ধৰি নিৰুদ্দেশ হৈ আছিল ।আনহাতে  ঘগ্ৰাপাৰৰ নাৰিকুছিৰ এখন পথাৰত উদ্ধাৰ হৈছে আন এটা মৃতদেহ। মৃতদেহটো ঘগ্ৰাপাৰৰ বুৰবুৰী গাঁৱৰ কনক দাসৰ।

জানিব পৰা মতে বুধবাৰে পুৱা স্থানীয় এজন কৃষকে গৰু এৰাল দিবলৈ গৈ মৃতদেহটো প্রত্যক্ষ কৰে।ইতিমধ্যে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ বাবে মৃতদেহটো চিকিৎসালয়লৈ প্রেৰণ কৰিছে। দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।