পৰীক্ষা পে চৰ্চা ২০২৬ৰ বাবে ৩ কোটিৰো অধিক পঞ্জীয়ন;গঢ়িলে নতুন অভিলেখ
পৰীক্ষা পে চৰ্চা ২০২৬ৰ বাবে এতিয়া লৈকে ৩ কোটিতকৈ অধিক (৩,০৬,৫৫,২৮০) পঞ্জীয়ন কৰা হৈছে।এতিয়াও অব্যাহত আছে আবেদন প্ৰক্ৰিয়া আৰু ৩০ ডিচেম্বৰৰ সন্ধিয়ালৈকে ২,৮৫ কোটি (২,৮৫,৯৬,৬৫১) ছাত্ৰ-ছাত্ৰী, ১৭,০৮,৭০৩ জন শিক্ষক আৰু ৩,৪৯,৯২৬ জন অভিভাৱকে আবেদন কৰিছে।
ইয়াৰ নৱম সংস্কৰণৰ পঞ্জীয়ন অহা ১১ জানুৱাৰীত বন্ধ হ’ব।যোৱা বছৰ পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে ৩৫ কোটিতকৈ অধিক (৩.৫ কোটি) অংশগ্ৰহণকাৰীয়ে আবেদন কৰিছিল।
যদি আপুনিও ইয়াৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে আপুনি অফিচিয়েল ৱেবছাইট innovateindia1.mygov.in ত আবেদন কৰিব লাগিব।
আবেদন কৰিবলৈ অফিচিয়েল পৰ্টেল innovateindia1.mygov.in ত গৈ ‘এতিয়া অংশগ্ৰহণ কৰক’ বুটামত ক্লিক কৰক।
এতিয়া, ছাত্ৰ, শিক্ষক বা অভিভাৱক শ্ৰেণীটো নিৰ্বাচন কৰক।এতিয়া এই আৱেদন প্ৰ-পত্ৰত সবিশেষ পূৰণ কৰক।ইয়াক জমা দিয়ক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে এটা প্ৰিন্টআউট লওক।
এই কাৰ্যসূচীৰ উদ্দেশ্য হ’ল পৰীক্ষাৰ মানসিক চাপ হ্ৰাস কৰা,ফলপ্ৰসূ প্ৰস্তুতিৰ কৌশল প্ৰসাৰ কৰা আৰু শিক্ষা আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত সুষম দৃষ্টিভংগীক উৎসাহিত কৰা।
লগতে পঢ়ক: দেশৰ শীৰ্ষ অভিযান্ত্ৰিক প্ৰতিষ্ঠান… এই প্ৰতিষ্ঠানসমূহে ২০২৫ বৰ্ষত বিস্তাৰ কৰিছিল আধিপত্য









