ৰৌজ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে, ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত

ৰৌজ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে, ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত

মুকালমুৱাৰ গংগাপুৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৰৌজ আলিৰ পৰিয়ালক এঘৰীয়া কৰিছে ৰাইজে । ৰাজহুৱা কবৰস্থানতো সমাধিস্থ কৰিবলৈ দিয়া নহ’ব বুলি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে । নলবাৰী জিলাৰ মুকালমুৱাৰ গংগাপুৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৰৌজ আলিৰ পৰিয়ালক এঘৰীয়া কৰিছে

মুকালমুৱাৰ গংগাপুৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৰৌজ আলিৰ পৰিয়ালক এঘৰীয়া কৰিছে ৰাইজে । ৰাজহুৱা কবৰস্থানতো সমাধিস্থ কৰিবলৈ দিয়া নহ’ব বুলি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে ।

নলবাৰী জিলাৰ মুকালমুৱাৰ গংগাপুৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ৰৌজ আলিৰ পৰিয়ালক এঘৰীয়া কৰিছে ৰাইজে । অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা ৰৌজ আলিৰ মৃতদেহ নিজ গাঁও দেহৰকালকুচিৰ ৰাজহুৱা কবৰস্থানত সমাধিস্থ কৰিবলৈ দিয়া নহ’ব বুলি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় ৰাইজে । এই ঘটনাৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰৌজ আলীৰ পৰিয়ালক । ৰৌজ আলীৰ পৰিয়ালৰ সৈতে গাঁওবাসীয়ে কোনো সম্পৰ্ক নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

৬ খন গাঁৱৰ যৌথ সিদ্ধান্ত :

প্ৰাপ্ত তথ্য অনুসৰি, এই সিদ্ধান্তটো কেৱল দেহৰকালকুচি গাঁৱৰ বাসিন্দাসকলেই নহয়, বৰঞ্চ ওচৰ-চুবুৰীয়া আন পাঁচখন গাঁৱৰ ৰাইজেও একগোট হৈ গ্ৰহণ কৰিছে । কেৱল কবৰস্থানত স্থান নিদিয়াই নহয়, অভিযুক্ত ৰৌজ আলিৰ জনাজাত (অন্ত্যেষ্টিক্ৰিয়া) বা কোনো ধৰণৰ ধৰ্মীয় ৰীতি-নীতিত গাঁৱৰ কোনো লোকে অংশগ্ৰহণ নকৰে বুলিও ৰাইজে একমুখে সংকল্প লৈছে ।

কেনেকৈ হৈছিল এনকাউণ্টাৰ ?

আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, গংগাপুৰ আক্ৰমণ কাণ্ডৰ তদন্তৰ অংশ হিচাপে মুকালমুৱা অঞ্চলত আৰক্ষীয়ে এক অভিযান চলাইছিল । উক্ত অভিযানৰ সময়তে মূল অভিযুক্ত ৰৌজ আলি নামৰ দুৰ্বৃত্তটো আৰক্ষীৰ গুলীত নিহত হয় ।

আছিল কি এই গংগাপুৰ কাণ্ড ?

উল্লেখ্য যে, যোৱা শনিবাৰে নিশা মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰত এক অতি বৰ্বৰ ঘটনা সংঘটিত হৈছিল । স্কুটীৰে যাত্ৰা কৰি থকা অৱস্থাত দুগৰাকী যুৱক-যুৱতী ক্ৰমে- ১৯ বছৰীয়া মাধুৰ্য বৰ্মন আৰু ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকাৰ ওপৰত চোকা অস্ত্ৰৰে প্ৰাণঘাতী আক্ৰমণ চলাইছিল পাষাণ ৰৌজ আলীয়ে ।

এই প্ৰাণঘাতী আক্ৰকমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । আনহাতে বৰ্তমানো সংকটজনক অৱস্থাত হস্পিটালত চিকিৎসাধীন হৈ আছে মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী । এই জঘন্য ঘটনাৰ মূল মাষ্টাৰমাইণ্ড হিচাপে তদন্তকাৰীকাৰী দলে ৰৌজ আলিক চিনাক্ত কৰিছিল ।

লগতে পঢ়ক : নলবাৰী কাণ্ডৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ