ম্যানমাৰৰ এটা অট্টালিকাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে । অট্টালিকাটোত সংঘটিত হোৱা বিস্ফোৰণত কমেও ৪৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু সংখ্যক লোক আহত হৈছে।
ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ এটা অট্টালিকাত এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ বহু দূৰলৈকে শুনা গৈছিল। এই অট্টালিকাটোত হোৱা বিস্ফোৰণত কমেও ৪৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু আৰু বহুলোক আহত হৈছে।
তথ্য অনুসৰি, এই অট্টালিকাটোত খনিৰ কামত ব্যৱহাৰ কৰা বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰখা হৈছিল। নামখাম টাউনশ্বিপৰ কাউণ্টুপ গাঁৱত দুপৰীয়াৰ সময়ত হোৱা এই বিস্ফোৰণত ৭০ জনতকৈও অধিক লোক আহত হয়। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল এই অঞ্চলটো চীন সীমান্তৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত অৱস্থিত।
বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে থিতাতে বিষয়াসকল উপস্থিত হয়, যি ঠাইৰ পৰা কমেও ৪৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত ৬ টা শিশুও আছে। ইয়াৰ লগতে ঘটনাৰ পিছতে উদ্ধাৰকাৰ্যত নিয়োজিত কৰ্মীসকলে জানিবলৈ দিয়ে যে এতিয়ালৈকে ৭৪ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।
লগতে পঢ়ক: নিশা হঠাৎ খহি পৰিল ৫ মহলীয়া প্ৰকাণ্ড অট্টালিকা, বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা









