ইৰাণক ওপৰত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। ইৰাণে চলিত বৰ্ষৰ আৰম্ভণিতে ইজৰাইললৈ শ শ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ইজৰাইলে এতিয়া এই আক্ৰমণ আৰম্ভ কৰিছে।
ইজৰাইলে আজি পুৱা ইৰাণক আক্ৰমণ কৰে। ইজৰাইলে এই আক্ৰমণত ইৰাণৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে। ইজৰাইলৰ মতে ইৰাণ আৰু ইয়াৰ মিত্ৰ দেশসমূহে ইজৰাইলত অবিৰতভাৱে আক্ৰমণ কৰি আছিল।
ইজৰাইলে কয় যে, আমি আমাৰ জনসাধাৰণ আৰু দেশক বচাবলৈ যিকোনো কাম কৰিম। এই আক্ৰমণৰ তথ্য আমেৰিকাক দিয়া হৈছিল। এই ক্ষেত্ৰত আমেৰিকাই অহৰহ চকু ৰাখিছে
ইৰাণ আৰু অঞ্চলটোত ইয়াৰ মিত্ৰ দেশসমূহে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ইজৰাইলক সাতটা ফ্ৰণ্টত অহৰহ আক্ৰমণ চলাই আছে। ইজৰাইলে কৰা এই আক্ৰমণক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে মুছলমান ৰাষ্ট্ৰ। বিশ্বৰ প্ৰায় সংখ্যক মুছলমান ৰাষ্ট্ৰই ইজৰাইলক গৰিহণা দিছে। ছৌদি আৰৱ, পাকিস্তান, ওমান আৰু মালয়েছিয়াই এই আক্ৰমণক গৰিহণা দিয়ে।
ইজৰাইলে সাৰ্বভৌমত্ব, ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰিছে বুলি দাবী কৰিছে মুছলমান ৰাষ্ট্ৰসমূহে। যাৰ ফলত অধিক উত্তেজনাময় হৈ পৰিছে যুদ্ধৰ পৰিস্থিতি।