বাংলাদেশত দেখা গৈছে এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন । শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ছাত্ৰ সংগঠন ‘ষ্টুডেণ্ট লীগ’ৰ বিৰুদ্ধে আৰোপ কৰা হৈছে নিষেধাজ্ঞা । নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বৰ অস্থায়ী চৰকাৰখনে বুধবাৰে গেজেট জাৰি কৰি এই কথা ঘোষণা কৰে । ২০০৯ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ বিধান অনুসৰি স্থানীয় চৰকাৰে সংগঠনটোক নিষিদ্ধ কৰিছে ।
গৃহ মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি বাংলাদেশ ষ্টুডেন্ট লীগ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কামত জড়িত থকা দেখা গৈছে । এই কাৰ্যকলাপসমূহৰ ভিতৰত আছে হত্যা, নিৰ্যাতন, কলেজ চৌহদত হাৰাশাস্তি, ছাত্ৰাবাসত আসনৰ ব্যৱসায়, নিবিদাৰ হেৰফেৰ,ধৰ্ষণ, যৌন নিৰ্যাতন আদি গুৰুতৰ অপৰাধমূলক কাৰ্যকলাপ ।
জামাত-ই-ইছলামীৰ ওপৰত উঠালে নিষেধাজ্ঞা, কিন্তু… তাছলিমা নাছৰিন-
অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগৰ ছাত্ৰ সংগঠন নিষিদ্ধ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত বাংলাদেশৰ বাসিন্দা তাছলিমা নাছৰীনে কয়, “ইউনুছ পাগল হৈছে । তেওঁ জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ শাখা শিবিৰৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে, কিন্তু বাংলাদেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল আৱামী লীগৰ ছাত্ৰ শাখা ছাত্ৰ লীগ নিষিদ্ধ কৰিছে । তেওঁলোকে হিজব উত-তাহৰিৰ, আনছাৰুল্লাহ বাংলা দল আদিৰ দৰে ইছলামী সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ।”
বিৰোধী ছাত্ৰই শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল-
“বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন”ৰ নেতৃত্ব দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ দাবীত ছাত্ৰ লীগৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে । আন্দোলনৰ নেতৃত্ব দি এই ছাত্ৰ সংগঠনটোৱে শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ আন্দোলনৰ আয়োজন কৰিছিল আৰু তেওঁক ক্ষমতাৰ পৰা উৎখাত কৰাৰ দাবী জনাইছিল । শেষত শ্বেখ হাছিনাই নিজৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয় আৰু বৰ্তমান ভাৰতত আশ্ৰয় লৈ আছে ।
আন্দোলনৰ সময়ত ষ্টুডেণ্ট লীগ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছিল-
আন্দোলনৰ সময়ত ছাত্ৰ লীগ নিষিদ্ধ কৰাৰ দাবীও উত্থাপন হৈছিল । এই ছাত্ৰ সংগঠনটোৱে অস্থায়ী চৰকাৰখনক বৃহস্পতিবাৰলৈকে শেষ সময়সীমা দিছিল । আৱামি লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বাবে ইয়াৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে, য’ত এতিয়া আৱামি লীগৰ লেখ-জোখ মচি পেলোৱা হৈছে । বিৰোধীসকলে এই সংগঠনটোক হিংসাত্মক কাৰ্যকলাপত জড়িত বুলি অভিযোগ উত্থাপন কৰি আহিছে ।