বৰ্তমান ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত নিউজীলেণ্ডৰ বিৰুদ্ধে ৩খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । ইয়াৰে দ্বিতীয়খন টেষ্ট আজিৰে পৰা (২৪ অক্টোবৰ) পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই খেলখন পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব । প্ৰথমখন টেষ্টত জয়লাভ কৰি কিৱি দলটোৱে শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।
ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটো প্ৰথমখন টেষ্টত পৰাজয়ৰ পিছত এতিয়া শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব । ৰোহিত ব্ৰিগেডে নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলালৈ উভতি আহিবলৈ দ্বিতীয়খন টেষ্টত নিখুঁত প্লেয়িং-১১ বাছনি কৰিব লাগিব ।
অহা মাহত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লাগিব-
বেংগালুৰুত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতীয় দলটোৱে মাত্ৰ ৪৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল । দ্বিতীয় ইনিংছত দলটোৱে ভাল খেলিছিল যদিও ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । বৰ্তমান ভাৰতীয় দলটো আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত আছে যদিও প্ৰথমখন মেচত পৰাজয়ৰ বাবে কিছু পইণ্ট হেৰুৱাবলগীয়া হৈছে ।
অহা মাহত ৫ খনীয়া মেচৰ টেষ্ট ছিৰিজৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱাৰ পূৰ্বে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে নিউজীলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী দুখন মেচত ভাল প্ৰদৰ্শন কৰাটোৱেই হ’ব অগ্ৰাধিকাৰ । লগতে বৰ্তমানৰ শৃংখলাত জয়ী হৈ দলটোৱে ডব্লিউ টি চিত শক্তিশালী স্থান লাভ কৰিব লাগিব ।
স্পীনাৰৰ সহায়ক পিটচ প্ৰস্তুত-
ভাৰতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনেৰ এম চি এ ষ্টেডিয়ামৰ খেলপথাৰ প্ৰস্তুত কৰা হৈছে । ইয়াৰ ওপৰত কোনো ঘাঁহ নাই আৰু ইয়াক ক’লা মাটিৰ পৰা প্ৰস্তুত কৰা হৈছে, যাৰ ওপৰত নিউজীলেণ্ডৰ বেগী বলাৰসকলে বেংগালুৰুৰ দৰে বাউন্স নাপাব ।
নিউজীলেণ্ডৰ বেগী বলাৰ উইলিয়াম অ’ৰ’ৰ্ক, মেট হেনৰী আৰু টিম চাউথীয়ে প্ৰথমখন মেচত ভাৰতীয় বেটছমেনসকলক ব্যতিব্যস্ত কৰি তুলিছিল । এনে পৰিস্থিতিত ভাৰতে টাৰ্নিং উইকেট প্ৰস্তুত কৰিব পাৰে, কিন্তু বিগত সময়ত এই পদক্ষেপেও বেকফায়াৰ কৰিছে । ৮ বছৰ পূৰ্বে ইয়াত টাৰ্নিং উইকেটত ৩৩৩ ৰানত ভাৰতক পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াই । এই একেটা দলে যোৱা বছৰ ইন্দোৰত অনুষ্ঠিত হোৱা খেলখনত ভাৰতীয় দলটোক ৯ উইকেটত পৰাস্ত কৰিছিল ।
গীল, ৰাহুল বা ছৰফৰাজ, কোন বাহিৰ হ’ব-
দ্বীতিয় টেষ্টত প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে শুভমন গীল । আনহাতে কে এল ৰাহুল আৰু ছৰফৰাজ খানৰ এজনে তেওঁৰ বাবে ঠাই মুকলি কৰিব লাগিব । মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ ৰাহুলক অধিক সুযোগ দিয়াৰ পক্ষত আছে যদিও বেংগালুৰুত দ্বিতীয় ইনিংছত ১৫০ ৰান সংগ্ৰহ কৰি ছৰফৰাজে নিজৰ দাবী আৰু অধিক শক্তিশালী কৰি তুলিছে ।
ছিনিয়ৰ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ পৰা ভাৰতে ডাঙৰ ইনিংছ আশা কৰিব । ২০১৯-২০ ছিজনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৫৪ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল কোহলীয়ে আৰু তাৰ পৰাই তেওঁ প্ৰেৰণা লৈ এটা ডাঙৰ ইনিংছ খেলিব বিচাৰিব ।
ভাৰতীয় দল পৰিচালনাই হয়তো ৰাহুলক গুৰুত্ব দিব, কিন্তু বেটছমেনগৰাকীয়ে কিছুদিনৰ পৰা ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি আছে । আনহাতে, ইৰানী কাপত মুম্বাইৰ হৈ অপৰাজিত ২২২ ৰান সংগ্ৰহ কৰাৰ পিছত বেংগালুৰুৰ সকলো প্ৰতিকূল পৰিস্থিতিৰ মাজতো ছৰফৰাজে ১৫০ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল ।
ভাৰতীয় দলৰ বলিং সমস্যা আছে-
মঙলবাৰে অনুশীলনৰ সময়ত ঋষভ পণ্টে কিছু সময়ৰ বাবে উইকেট কীপিং কৰিছিল আৰু দ্বিতীয়খন টেষ্ট মেচৰ বাবে তেওঁ সম্পূৰ্ণ ফিট হৈছে নে নাই সেয়া লক্ষ্যণীয় হ’ব । কিন্তু ভাৰতৰ সমস্যা কেৱল বেটিংতে সীমাবদ্ধ নহয় ।
দলটোৰ বলিংতো কিছু সমস্যা আছে । বিশেষকৈ বেগী বলাৰ মহম্মদ ছিৰাজৰ ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শন চিন্তাৰ বিষয় হৈয়েই আছে । এনে পৰিস্থিতিত দল পৰিচালনাই সুযোগ দিব পাৰে আকাশদ্বীপক, যিয়ে মঙলবাৰে জোৰদাৰভাৱে বেটিং অনুশীলনো কৰিছিল ।
যদি পিটচে স্পীন বলাৰসকলক সহায় কৰে তেন্তে ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাই ইয়াৰ সম্পূৰ্ণ সুবিধা ল’ব বিচাৰিব । ৱাশ্বিংটন সুন্দৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । যদি তেওঁক প্লেইং এলেভেনত অন্তৰ্ভুক্ত কৰা হয় তেন্তে ভাৰতৰ বেটিং শক্তিশালী হ’ব । নিউজীলেণ্ডৰ কথা ক’বলৈ গ’লে প্ৰথমখন টেষ্ট মেচত শতক অৰ্জন কৰি ৰাচিন ৰবীন্দ্ৰই পাৰ্থক্য সৃষ্টি কৰিছিল যদিও তেওঁৰ দলটোৱে আন বেটছমেনৰ পৰাও উপযোগী অৱদান আশা কৰিব ।