বলীউডৰ নৃত্য পৰিচালক ৰেম’ ডিচুজা, তেওঁৰ পত্নী লিজেল ডিচুজাৰ বিৰুদ্ধে এটা নৃত্য গোটক প্ৰতাৰণা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।থানে আৰক্ষীয়ে শনিবাৰে ৰুজু কৰিছিল গোচৰটো। ৰেম’ আৰু তেওঁৰ পত্নীকে ধৰি আন ৫ জনৰ বিৰুদ্ধে নৃত্য দলটোৰ সদস্য সকলক ১১.৯৬ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।এগৰাকী ২৬ বছৰীয়া নৃত্যশিল্পীয়ে ৰেম’ ডিচুজা, তেওঁৰ পত্নী লিজেল আৰু আন পাঁচজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।ভুক্তভোগী নৃত্যশিল্পীগৰাকীয়ে ১৬ অক্টোবৰত মুম্বাইৰ মীৰা ৰোড আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, নৃত্যশিল্পী গৰাকী আৰু তেওঁৰ দলটোক ২০১৮চনৰ জুলাই মাহতে ৰেম’য়ে দিব লগা আছিল এই ধনৰাশি। বৰ্তমানলৈকে তেওঁলোকক দিয়া নাই সেই ধন । দৰাচলতে নৃত্যৰ দলটোৱে ডাঞ্চৰ এটা ৰিয়েলিটি শ্ব’ট অংশগ্ৰহণ কৰি জয় লাভ কৰিছিল। অভিযোগকাৰীগৰাকীৰ মতে তেওঁলোকে পুৰস্কাৰ হিচাপে লাভ কৰা ১১.৯৬ কোটি টকা তেওঁলোকক নিদি ৰেম’ ডিচুজাই হস্তগত কৰিলে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।