দুই পুত্ৰৰ সৈতে পিতৃ বাবলুয়ে পোৱাই গৈছিল কামলৈ । এখন ট্ৰেক্টৰত উঠি আটাইকেইজন শ্ৰমিক গৈছিল খেতিৰ কামলৈ ।গৈ থকা অৱস্থাতে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ট্ৰেক্টৰখন। লগে লগে এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত ট্ৰেক্টৰখনত থকা শ্ৰমিক সকলক উদ্ধাৰ কৰা হয় যদিও পিতৃ বাবুল আৰু তেওঁৰ দুই পুত্ৰৰ মৃত্যু হয়। দুৰ্ঘটনাটো ফলত ৬ জন লোক গুৰুতৰ ভাৱে আহত হয়। তাই ঝাঁচীৰ গুৰচাৰণ আৰক্ষী থানা অঞ্চলৰ সৰ্বচেন্দা গাঁৱৰ পিতা পুত্ৰৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।
