ভাৰত আৰু কানাডাই আশ্বাস দিছে যে দুয়োখন দেশৰ মাজৰ উত্তেজনাই তেওঁলোকৰ বাণিজ্যত কোনো প্ৰভাৱ নপৰে । ভাৰত চৰকাৰৰ সূত্ৰ “অনুসৰি, আমি ব্যৱসায়িক সম্পৰ্কৰ বিষয়ে চিন্তিত নহয় । কানাডাৰ সৈতে আমাৰ বাণিজ্যিক সম্পৰ্ক বৰ ডাঙৰ নহয় । দুয়োখন দেশৰ মাজত, প্ৰায় ৮.৫ বিলিয়ন ডলাৰ মূল্যৰ আমদানি আৰু ৰপ্তানি আছে ।“
কানাডাই ভাৰতলৈ খনিজ, মাহজাতীয় শস্য, পটাছ, ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ আৰু ৰত্ন পাথৰ ৰপ্তানি কৰে, আনহাতে ভাৰতৰ পৰা কানাডাই মুক্তা, সামৰিক সঁজুলি, ঔষধ, বৈদ্যুতিক সঁজুলি আমদানি কৰে ।
কানাডাৰ বাণিজ্য মন্ত্ৰী মেৰী এনজিয়ে সোমবাৰে কয় যে ‘মই মোৰ দেশৰ ব্যৱসায়িক সম্প্ৰদায়ক আশ্বাস দিছো যে আমাৰ চৰকাৰ ভাৰত আৰু কানাডাৰ মাজত স্থাপিত শক্তিশালী ব্যৱসায়িক সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ভাৰতত ব্যৱসায় কৰা কানাডাৰ ব্যৱসায়ীসকলৰ সৈতে মিলি আমি দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্ক যাতে সুদৃঢ় হৈ থাকে তাৰ বাবে কাম কৰি আছো । আগষ্টত, কানাডাই ভাৰতলৈ ২৭.৯ নিযুত ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছিল, আনহাতে ৩২.৪ নিযুত ডলাৰ মূল্যৰ সামগ্ৰী ভাৰতৰ পৰা আমদানি কৰিছিল । যি পূৰ্বৰ তুলনাত ১৪% অধিক ।
ভাৰতত ৬০০ৰো অধিক কানাডাৰ কোম্পানী-
ভাৰতীয় বজাৰত কানাডাই প্ৰায় ৫৪ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে আৰু এই মুহূৰ্তত এই পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ’ব বুলি বিশ্বাস কৰা হৈছে । ভাৰতত ৬০০ৰো অধিক কানাডাৰ কোম্পানীয়ে ব্যৱসায় কৰি আছে । এই কোম্পানীসমূহ আই টি, বেংকিং আৰু বিত্তীয় সেৱাৰ সৈতে জড়িত । ১০০০ৰো অধিক কোম্পানীয়ে ব্যৱসায়ৰ বাবে ভাৰতলৈ আহিব বিচাৰিছে ।