নহৰুৱে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ই সুস্বাস্থ্য বজাই ৰখাতো সহায় কৰে । আয়ুৰ্বেদে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে নহৰু ব্যৱহাৰ কৰে । নহৰুত কেইবাটাও পুষ্টি থাকে, যাৰ ভিতৰত আছে ভেঁকুৰ-প্ৰতিৰোধী, এণ্টি-বেক্টেৰিয়া, এণ্টিঅক্সিডেণ্ট, লো, ফছফৰাছ, কেলচিয়াম, আঁহ, কাৰ্বোহাইড্ৰেট, পটাছিয়াম, জিংক, তাম, থিয়ামিন, আৰু ৰাইবোফ্লেভিন । পুৱা খালী পেটত কেঁচা নহৰু খোৱাটোৱে হজম উন্নত কৰাত সহায় কৰে । জানি লওক খালী পেটত কেঁচা নহৰু খোৱাৰ লাভালাভ-
আপোনাৰ পেটৰ স্বাস্থ্যৰ যত্ন লওঁক : নহৰু সেৱনে পাকস্থলী স্বাস্থ্যৱান ৰাখে । খালী পেটত নহৰু খালে যকৃত আৰু মূত্ৰাশয়ৰ কাম কাৰ্য ক্ষমতা বৃদ্ধি হয় । ই ডায়েৰিয়া উপশম কৰাত সহায় কৰে । ই হজম আৰু ভোক বজাই ৰাখে । নহৰুৱে চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু পাকস্থলীত এচিড উৎপাদন প্ৰতিহত কৰে ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক : খালী পেটত নহৰু খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে । ই শৰীৰক চৰ্দি, কাহ, জ্বৰ, আৰু অন্যান্য সংক্ৰমণকে ধৰি বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে : পুৱা কেঁচা নহৰু সেৱনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, অৰ্থাৎ ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে । নহৰু সেৱনে উচ্চ ৰক্তচাপৰ লক্ষণ হ্ৰাস কৰিব পাৰে ।
চুগাৰ নিয়ন্ত্ৰণত ৰাখিব : যদি ডায়েবেটিক ৰোগীয়ে কেঁচা নহৰু সেৱন কৰে, ই শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে । ইয়াত এলিচিন যৌগ থাকে যি চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । যদি দৈনিক ৩-৪ টা নহৰুৰ ফোটা চোবায়, ই ওজন নিয়ন্ত্ৰণত সহায় কৰিব ।
শৰীৰক বিষমুক্ত কৰে : নহৰু হৈছে এক অবিশ্বাস্যভাৱে শক্তিশালী খাদ্য যি শৰীৰক বিষমুক্ত কৰাত সহায় কৰে । ইয়াৰ সেৱনে পৰজীৱী আৰু কৃমিৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে । ই কৰ্কট ৰোগ, মধুমেহ আৰু হতাশাকে ধৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ।