ৰাজ্যত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। গোৱালপাৰা জলেশ্বৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডকাইতে গৰুসহ লুটি লৈ যায় কেইবা লাখ টকা। ব্ৰহ্মপুত্ৰ নদীৰ মাজত সংঘটিত হয় এই ডকাইতি।
গোৱালপাৰা জিলাৰ জলেশ্বৰ নৈৰ মাজত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। বিশেষ সূত্ৰ অনুসৰি, জলেশ্বৰ বজাৰৰ পৰা বজাৰ কৰি ১৪জন গৰু ব্যৱসায়ী গৰুভৰ্তি এখন নাৱেৰে জয়পুৰ অভিমুখে গৈ থকা অৱস্থাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত ১২-১৩জনীয়া ডকাইতৰ দলে আগুচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰি গৰুসহ কেইবা লাখ টকা লুটি লৈ যায়। স্থানীয় ৰাইজে গৰু ব্যৱসায়ী কেইজনক লক্ষীপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
Post Views: 50