শেহতীয়াকৈ ভাৰতীয় দলটোৱে ঘৰুৱা টেষ্ট আৰু টি-২০ শৃংখলাত বাংলাদেশক ক্লিন ছুইপ কৰিছে। এতিয়া ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩খন মেচৰ টেষ্ট ছিৰিজ খেলিব। ১৬ অক্টোবৰৰ পৰা বেংগালুৰুত অনুষ্ঠিত হ’ব প্ৰথমখন খেল। টীম ইণ্ডিয়াত কোন কোন থাকিব প্লেয়িং ১১ত?
ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটো পৰৱৰ্তী মেচৰ বাবে সাজু হৈছে। টীম ইণ্ডিয়াই এতিয়া ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩খন মেচৰ টেষ্ট ছিৰিজ খেলিব লাগিব । বুধবাৰৰ পৰা বেংগালুৰুত অনুষ্ঠিত হ’ব প্ৰথমখন খেল।
এই ছিৰিজত ভাইচ কেপ্তেইনৰ ভূমিকাত থাকিব জস্প্ৰীত বুমৰাহ। নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো প্ৰায় একেটা দল যিটোৱে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে খেলিছিল। যদিও যশ দয়ালে সুযোগ পোৱা নাই। ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে এই দলটোত হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, মায়ংক যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণেও সুযোগ লাভ কৰিছে।
বাংলাদেশৰ শৃংখলাত সৰফৰাজ খান, উইকেটকীপাৰ ধ্ৰুৱ জুৰেলে এটাও টেষ্ট খেলিব নোৱাৰিলে, অল ৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু স্পিনাৰ কুলদীপ যাদৱে দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।কিন্তু এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ প্ৰথমখন মেচত বুমৰাহৰ আগমনৰ লগে লগে বিষয়টো জটিল হৈ পৰিব।
প্ৰথম টেষ্টত ভাৰতীয় দলৰ সম্ভাৱ্য প্লেয়িং-১১
যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী, ঋষভ পন্ত, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ।