শেহতীয়াকৈ ভাৰতীয় দলটোৱে ঘৰুৱা টেষ্ট শৃংখলাত বাংলাদেশক ২-০ আৰু তাৰ পিছত টি-২০ শৃংখলাত ৩-০ ত হোৱাইট ৱাশ্বেৰে পৰাস্ত কৰে । এতিয়া ৰোহিত শৰ্মাৰ অধিনায়কত্বত, ভাৰতীয় দলটোৱে ইয়াৰ পৰৱৰ্তী অভিযানৰ বাবে সাজু গৈছে । দলটোৰ পৰৱৰ্তী অভিযান হৈছে নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা ।
ভাৰতীয় দলটোৱে ঘৰুৱা মাটিত নিউজীলেণ্ডৰ বিৰুদ্ধে ৩ খনীয়া মেচৰ টেষ্ট শৃংখলা খেলিব । এই শৃংখলাৰ প্ৰথমখন মেচ ১৬ অক্টোবৰৰ পৰা বেংগালুৰুত অনুষ্ঠিত হ’ব । দ্বিতীয়খন টেষ্ট ২৪ অক্টোবৰৰ পৰা পুনেত অনুষ্ঠিত হ’ব আৰু তৃতীয়খন টেষ্ট ১ নৱেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’ব ।
বাংলাদেশক ধুলিস্যাৎ কৰা দলটোৱেই থাকিব এই শৃংখলাত-
যশপ্ৰীত বুমৰাহে এই শৃংখলাত উপ-অধিনায়কৰ দায়িত্ব পালন কৰিব । ইয়াত মন কৰিবলগীয়া কথাটো হ’ল যে নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোত, শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে খেলা প্ৰায় একেটা দল আছে । অৱশ্যে, য়শ দয়ালে সুযোগ নাপালে এই শৃংখলাত । হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, মায়াংক যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণইও এই দলটোত ভ্ৰমণ সংৰক্ষণ হিচাপে সুযোগ লাভ কৰিছে ।
বেগী বলাৰ মহম্মদ ছামীয়ে এই শৃংখলাত সুযোগ পাব বুলি আশা কৰা হৈছিল, কিন্তু বি চি চি আইয়ে এতিয়ালৈকে তেওঁৰ নাম বিবেচনা কৰা নাই । বাংলাদেশ শৃংখলাত এখনো টেষ্ট নখেলা চৰফৰাজ খান, উইকেটকীপাৰ ধ্ৰুৱ জুৰেল, অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু স্পীনাৰ কুলদীপ যাদৱে দলত নিজৰ স্থান বজাই ৰাখিছে । ছামীয়ে সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলালৈ উভতি আহিব পাৰে ।
উদ্বোধনী খেলত খেলিব নোৱাৰে উইলিয়ামছনে-
নিউজীলেণ্ড দলৰ কমাণ্ড এতিয়া টম লাথামৰ হাতলৈ আহিছে, কিয়নো শ্ৰীলংকাৰ হাতত ২-০ ৰ পৰাজয়ৰ পিছত টিম চাউথীয়ে অধিনায়কত্বৰ পৰা পদত্যাগ কৰিছিল । আনহাতে, কেন উইলিয়ামছনে পিঠিৰ আঘাতৰ বাবে শৃংখলাটোৰ প্ৰাৰম্ভিক মেচত অংশগ্ৰহণ নকৰে ।
শ্ৰীলংকা ভ্ৰমণৰ সময়ত উইলিয়ামছন পিঠিৰ আঘাতৰ সন্মুখীন হৈছিল । এইকাৰণেই এই কিংবদন্তি খেলুৱৈজন এই ভ্ৰমণৰ প্ৰাৰম্ভিক খেলৰ পৰা বাহিৰত থাকিব আৰু নিউজীলেণ্ডত থাকিব । ৩৪ বছৰীয়া উইলিয়ামছনৰ সলনি দলত বাওঁহাতৰ যুৱ খেলুৱৈ মাৰ্ক চেপমেনক অন্তৰ্ভূক্ত কৰা হৈছে । ৩০ বছৰীয়া চেপমেনে ২৩ খন এদিনীয়া আৰু ৭৬ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে, কিন্তু তেওঁ টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ সুযোগ পোৱা নাই ।
টেষ্ট শৃংখলাৰ বাবে ভাৰত-নিউজীলেণ্ড দল :
ভাৰতঃ ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, চৰফৰাজ খান, ঋষভ পন্ত (উইকেট-ৰক্ষক), ধ্ৰুৱ জুৰেল (উইকেট-ৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ ।
ট্ৰেভেলিং ৰিজাৰ্ভ: হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, মায়াংক যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণ ।
নিউজীলেণ্ডঃ টম লাথাম (অধিনায়ক), টম ব্লুণ্ডেল (উইকেট-ৰক্ষক), মাইকেল ব্ৰেছৱেল (কেৱল প্ৰথম টেষ্ট), মাৰ্ক চেপমেন, ডেভন কনৱে, মেট হেনৰী, ডেৰিল মিচেল, উইল অ’ৰাউৰকে, আজাজ পেটেল, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, মিচেল চেণ্টনাৰ, বেন চিয়ৰ্ছ, ঈশ সোধি (কেৱল দ্বিতীয় আৰু তৃতীয় টেষ্ট), টিম চাউদি, কেন উইলিয়ামচন, উইল ইয়ং।
নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণ-
১৬ অক্টোবৰ : প্ৰথম টেষ্ট, বেংগালুৰু
২৪ অক্টোবৰ : ২য় টেষ্ট, পুনে
১ নৱেম্বৰ : ৩য় টেষ্ট, মুম্বাই