৩ ৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত পালন কৰা হ’ব “ভাষা গৌৰৱ সপ্তাহ” । অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে পালন কৰা হ’ব এই সপ্তাহ । দেওবাৰে সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছিল । এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ বাবে লগতে অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই স্পতাহ পালন কৰা হব বুলি অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে ।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে “যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল । এই ঐতিহাসিক স্বীকৃতিক উদযাপন অৰ্থে অসমে ৩ৰ পৰা ৯ নৱেম্বৰ ২০২৪ লৈ “ভাষা গৌৰৱ সপ্তাহ” পালন কৰিব । এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব । এই কাৰ্যসূচীত আপোনাসৱৰ আন্তৰিক সহযোগিতা আমাৰ একান্তই কাম্য । ৰাজ্যখনৰ সাংস্ক-তিক আৰু ভাষাৰ ঐতিহ্যৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব ।“