টেষ্ট শৃংখলাত ২-০ ব্যৱধানত জয়লাভ কৰাৰ পাছত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাতো বাংলাদেশক ৩-০ ব্যৱধানত হোৱাইট ৱাশ্ব কৰে । শনিবাৰে হায়দৰাবাদ অনুষ্ঠিত শৃংখলাৰ অন্তিমখন টি-২০ত ভাৰতীয় দলটোৱে এই ফৰ্মেটত সৰ্বাধিক স্ক’ৰ সংগ্ৰহ কৰে । এই মেচত জয়ী হৈ ভাৰতীয় দলটোৱে এনে বহু অভিলেখ গঢ়িলে যদিও আন কিছু অভিলেখ হেৰুৱাই ।
এই মেচখনত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । খেলখনত ভাৰতীয় দলে ২৯৭ ৰাণ সংগ্ৰহ কৰে । যি টি-২০ ইতিহাসত ভাৰতীয় দলৰ সৰ্বোচ্চ স্ক’ৰ । একে সময়তে, ই টেষ্ট খেলা দেশবোৰৰ এটা দলৰ সৰ্বাধিক স্ক’ৰ আছিল । এই খেলখনত ভাৰতে মুঠ ২২ টা ছয় কোবাই ।
ভাৰতৰ হৈ সঞ্জু চেমছন (১১১ ৰাণ, ৪৭ বল), সূৰ্যকুমাৰ যাদৱ (৭৫ ৰাণ, ৪৫ বল), হাৰ্দিক পাণ্ডিয়া (৪৭ ৰাণ, ১৮ বল) আৰু ৰিয়ান পৰাগে (৩৪ ৰাণ, ১৩ বল) ধুমুহাময় ইনিংছ খেলিছিল । যাৰ বাবে টীম ইণ্ডিয়াই টি-২০ত অভিলেখ স্ক’ৰ অৰ্জন কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশৰ দলটোৱে ২০ অভাৰত মাত্ৰ ১৬৪/৭ ৰাণ সংগ্ৰহ কৰিছিল । বাংলাদেশৰ হৈ টৌহিদ হৰিডয়ে (৬২ নট আউট) সৰ্বাধিক স্ক’ৰ কৰিছিল । ৰবি বিষ্ণোই ভাৰতৰ আটাইতকৈ সফল বলাৰ আছিল, যিয়ে ৩ টা উইকেট দখল কৰে । একে সময়তে, তেওঁ টি-২০ত ৫০ টা উইকেট সম্পূৰ্ণ কৰে ।
এটা সময়ত ভাৰতীয় দলটোৱে নেপালে বনোৱা টি-২০ৰ আটাইতকৈ বৃহৎ স্ক’ৰ ভংগ কৰাৰ কাষ চাপিছিল । কিন্তু শেষৰ অভাৰত কেবাটাও উইকেট একেৰাহে হেৰুৱাব লগা হোৱাত ভাৰতীয় দলে এই অভিলেখ ভংগ কৰাত ব্যৰ্থ হ’ল ।
একে সময়তে, এই টি-২০ খেলখনত, সঞ্জু চেমছনে ৰিশাদ হুছেইনৰ একেটা অভাৰত একেৰাহে ৫ টা ছয় কোবাই । সঞ্জুৱে ৪০ টা বলত প্ৰথম টি-২০ আন্তৰ্জাতিক শতক অৰ্জন কৰে, যি এজন ভাৰতীয়ৰ দ্বাৰা টি-২০ আন্তৰ্জাতিকত দ্বিতীয় দ্ৰুততম শতক ।
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ ৰোহিত শৰ্মাৰ নামত আছে, যিয়ে ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫ টা বলত শতক অৰ্জন কৰিছিল । একে সময়তে, সঞ্জু চেমছনে ভাৰতৰ পৰা যিকোনো টি-২০ আন্তৰ্জাতিক খেলত শতক অৰ্জন কৰা প্ৰথম উইকেটকীপাৰ হিচাপেও পৰিগণিত হয় । আনকি এম এছ ধোনী, ঋষভ পন্তৰ দৰে উইকেটকীপাৰসকলেও এই কৃতিত্ব কৰিব পৰা নাছিল ।
এই মেচখনত ভাৰতীয় দলে কি ৰেকৰ্ড গঢ়িলে আৰু দলটোৱে কোনবোৰ ৰেকৰ্ড হেৰুৱালে জানো আহক-
টি-২০ত ভাৰতৰ বাবে সৰ্বাধিক জয়ৰ ব্যৱধান-
-১৬৮ ৰান বনাম নিউজীলেণ্ড, আহমেদাবাদ, ২০২৩
-১৪৩ ৰান বনাম আয়াৰলেণ্ড, ডাবলিন, ২০১৮
-১৩৩ ৰান বনাম বাংলাদেশ, হায়দৰাবাদ, ২০২৪
-১০৬ ৰান বনাম দক্ষিণ আফ্ৰিকা, জোহান্সবাৰ্গ, ২০২৩
-১০১ ৰান বনাম আফগানিস্তান, ডুবাই, ২০২২
-১০০ ৰাণ বনাম জিম্বাবোৱে, হাৰাৰে, ২০২৪
এটা কেলেণ্ডাৰ বছৰত সকলোতকৈ বেছি T20I জয়-
২৯ – উগাণ্ডা (২০২৩)
২৮ – ভাৰত (২০২২)
২১ – তাঞ্জানিয়া (২০২২)
২১* – ভাৰত (২০২৪)
২০ – পাকিস্তান (২০২০)
*ছুপাৰ অভাৰ জয়কে ধৰি
২০২৪ চনত ভাৰতৰ জয়ৰ শতাংশ ৯৫.৪৫, যিটো এটা কেলেণ্ডাৰ বছৰত কমেও ১২ খন টি-২০ খেলা দলৰ বাবে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ।
ভাৰতত টি-২০ত এখন মেচত সৰ্বমুঠ স্ক’ৰ-
৪৭২ – AFG বনাম IRE, ডেৰাডুন, ২০১৯
৪৬১ – IND বনাম BAN, হায়দৰাবাদ, ২০২৪
৪৫৯ – ENG বনাম SA, মুম্বাই, ২০১৬
৪৫৮ – IND বনাম SA, গুৱাহাটী, ২০২২
৪৪৭ – IND বনাম AUS, গুৱাহাটী, ২০২৩
পুৰুষৰ টি-২০ ক্ৰিকেটত সৰ্বাধিক ২০০ ৰানতকৈ অধিক সংগ্ৰহ কৰা দল-
৩৭ – ভাৰত
৩৬ – ছামাৰচেট
৩৫ – চি এছ কে
৩৩ – আৰ চি বি
৩১ – ইয়ৰ্কশ্বাৰ
পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় দলৰ দ্বাৰা সৰ্বাধিক ২০০ ৰাণ অষ্ট্ৰেলিয়াই ২৩ বাৰ সংগ্ৰহ কৰিছে ।
T20I ত এটা কেলেণ্ডাৰ বছৰত ২০০তকৈ অধিক সৰ্বোচ্চ স্ক’ৰ-
৭ – ২০২৩ চনত ভাৰত
৭ – ২০২৪ চনত জাপান
৬ – ২০২২ চনত ইংলেণ্ড
৬ – ২০২২ চনত দক্ষিণ আফ্ৰিকা
৬ – ২০২৪ চনত ভাৰত
পুৰুষৰ টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক বাউণ্ডেৰী-
৮১ – দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ, চেঞ্চুৰিয়ান, ২০২৩
৭১ – বুলগেৰিয়া বনাম ছাৰ্বিয়া, ছফিয়া, ২০২২
৭০ – ভাৰত বনাম বাংলাদেশ, হায়দৰাবাদ, ২০২৪
৬৯ – বুলগেৰিয়া বনাম ছাৰ্বিয়া, ছফিয়া, ২০২২
৬৮ – দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ, জোহান্সবাৰ্গ, ২০১৫
টি-২০ আন্তঃৰাষ্ট্ৰীয় ইনিংছত সৰ্বাধিক ছয়-
২৬ – নেপাল বনাম মংগোলিয়া, হাংঝো, ২০২৩
২৩ – জাপান বনাম চীন, মং কক, ২০২৪
২২ – আফগানিস্তান বনাম আয়াৰলেণ্ড, ডেৰাডুন, ২০১৯
২২ – ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকান, চেঞ্চুৰিয়ান, ২০২৩
২২ – ভাৰত বনাম বাংলাদেশ, হায়দৰাবাদ, ২০২৪
T20I দলৰ সৰ্বোচ্চ মুঠ স্ক’ৰ-
৩১৪/৩ – নেপাল বনাম মংগোলিয়া, হাংঝো, ২০২৩
২৯৭/৬ – ভাৰত বনাম বাংলাদেশ, হায়দৰাবাদ, ২০২৪
২৭৮/৩ – আফগানিস্তান বনাম আয়াৰলেণ্ড, ডেৰাডুন, ২০১৯
২৭৮/৪ – চেক গণৰাজ্য বনাম টুৰ্কিয়ে, ইলফ’ভ কাউন্টি, ২০১৯
২৬৮/৪ – মালয়েছিয়া বনাম থাইলেণ্ড, হাংঝো, ২০২৩
২৬৭/৩ – ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, টাৰোবা, ২০২৩
টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ সৰ্বাধিক পাৱাৰ প্লে স্ক’ৰ-
৮২/১ বনাম বাংলাদেশ, হায়দৰাবাদ, ২০২৪
৮২/২ বনাম স্কটলেণ্ড, ডুবাই, ২০২১
৭৮/২ বনাম দক্ষিণ আফ্ৰিকা, জোহান্সবাৰ্গ, ২০১৮
৭৭/১ বনাম অষ্ট্ৰেলিয়া, তিৰুৱনন্তপুৰম, ২০২৩
৭৭/১ বনাম শ্ৰীলংকা, নাগপুৰ, ২০০৯