২০২৪ চনৰ ৯ অক্টোবৰৰ নিশা ভাৰতৰ প্ৰবীণ ব্যৱসায়ী-উদ্যোগপতি তথা সাধাৰণ মানুহৰ হৃদয়ত স্থান লাভ কৰা ৰতন টাটাৰ মৃত্যু হয় । তেওঁৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ লগতে আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দেশৰ লগতে বিশ্বৰ সুপৰিচিত ব্যক্তিসকলেও ৰতন টাটাৰ অন্তিম অনুষ্ঠানত অংশ লয় । ৰতন টাটাৰ শেষ যাত্ৰাত তেওঁৰ বিশ্বাসযোগ্য তথা অতি ঘনিষ্ঠ বন্ধু শান্তনু নাইডু আগে আগে গৈ আছিল । বৃহস্পতিবাৰে পুৱা তেওঁ লিংকডইনত এটা আৱেগিক পোষ্টো শ্বেয়াৰ কৰে ।
অশ্ৰুসিক্ত নয়নেৰে ৰতন টাটাক বিদায় জনাই শান্তনুৱে লিখিছিল, এই বন্ধুত্বই মোৰ ভিতৰত সৃষ্টি কৰা শূন্যতা পূৰণৰ চেষ্টা কৰিয়েই জীৱনৰ বাকী সময়খিনি কটাম । প্ৰেমৰ বাবে দুখৰ মূল্য পৰিশোধ কৰিব লাগে । বিদায়, মোৰ মৰমৰ লাইটহাউচ ।” তেওঁ ৰতন টাটাৰ সৈতে নিজৰ এখন পুৰণি ফটোও শ্বেয়াৰ কৰিছিল ।
শান্তনু নাইডু কোন ?
শান্তনু নাইডুৰ জন্ম হৈছিল পুনেত । ২০১৪ চনত শান্তনুৱে সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিকত ডিগ্ৰী সম্পূৰ্ণ কৰে । ইয়াৰ পিছত শান্তনুৱে ২০১৬ চনত কৰ্নেল জনছন গ্ৰেজুৱেট স্কুল অৱ মেনেজমেণ্টৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ টাটা এলক্সচিত অটোম’বাইল ডিজাইন ইঞ্জিনিয়াৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । লিংকডইন প্ৰফাইল অনুসৰি শান্তনুৱে ২০১৭ চনৰ জুন মাহৰ পৰা টাটা ট্ৰাষ্টত কাম কৰি আহিছে । তেওঁ ৰতন টাটাৰ সহায়ক হিচাপে কাম কৰি আহিছে ।
নাইডুৰ প্ৰতিভাত ৰতন টাটা বহুত প্ৰভাৱিত হৈছিল । সেইকাৰণে ৰতন টাটাই নিজেই ফোন কৰিছিল আৰু সহায়ক হ’বলৈ প্ৰস্তাৱ দিছিল । ইয়াৰ পিছত, তেওঁ ২০২২ চনত ৰতন টাটাৰ কাৰ্যালয়ত জি এম হয় । শান্তনু নাইডুৰ জন্ম ১৯৯৩ চনত মহাৰাষ্ট্ৰৰ পুনেত হৈছিল । শান্তনুৱে ৰতন টাটাক ষ্টাৰ্টআপত বিনিয়োগ কৰিবলৈ পৰামৰ্শও দিছিল ।
ৰতন টাটাক কেনেকৈ লগ পালে ?
ৰতন টাটাৰ সৈতে শান্তনু নাইডুৰ সাক্ষাৎ আৰু পৰৱৰ্তী বন্ধুত্বৰ কাৰণ আছিল তেওঁৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম । ২০১৪ চনত দুয়ো লগ হৈছিল । নাইডুৱে পথৰ কুকুৰবোৰক দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰিবলৈ ডিঙিত বিশেষ কলাৰ লাইছিল, যাতে গাড়ী চালকে আন্ধাৰতো এই প্ৰতিফলিত কলাৰটো দেখিব পাৰে আৰু তেওঁ বাহনখন ৰখাব পাৰে । এই ধাৰণাটোৱে ৰতন টাটাক যথেষ্ট প্ৰভাৱিত কৰিছিল । তাৰ পিছত ৰতন টাতাই শান্তনুক লগ পাইছিল আৰু শান্তনু সহায়ক হোৱাৰ পিছত দুয়োজনেই ঘনিষ্ঠ বন্ধু হৈ পৰিছিল । প্ৰথমবাৰৰ বাবে যেতিয়া নাইডুৱে ৰতন টাটাক লগ পাইছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২০ বছৰ ।
ষ্টাৰ্টআপৰ মালিক
চাকৰিৰ উপৰিও, শান্তনু গুডফেলো ষ্টাৰ্টআপৰ গৰাকী । এই কোম্পানীটোৱে জ্যেষ্ঠ নাগৰিকসকলক ব্যাপক সমৰ্থন প্ৰদান কৰে । কোৱা হয় যে এই কোম্পানীটোৰ মূল্য প্ৰায় পাঁচ কোটি টকা । তেওঁ এজন বিখ্যাত ভাৰতীয় ব্যৱসায়ী, অভিযন্তা, কনিষ্ঠ সহায়ক, ডি জি এম, সামাজিক মাধ্যমৰ প্ৰভাৱশালী, লেখক আৰু উদ্যোগী ।
পশুপ্ৰেম আৰু সমাজ সেৱাৰ অনুভূতি থকা শান্তনুৱে “মোটোপজ” নামৰ এটা সংগঠন সৃষ্টি কৰিছিল, যি পথৰ কুকুৰবোৰক সহায় কৰে । নাইডুৰ নেতৃত্বত, মোটোপজ ১৭ খন চহৰলৈ সম্প্ৰসাৰিত হয় আৰু ৮ মাহত ২৫০ জন কৰ্মচাৰী নিয়োগ কৰা হয় ।