হাৰিয়ানাত বিজয়ৰ হেট্ৰিকৰ পিছত, ভাৰতীয় জনতা পাৰ্টীয়ে উদযাপনৰ সময়ত কংগ্ৰেছ দলক উপহাস কৰে । বিজেপিৰ ৰাজ্যিক গোটে ৰাহুল গান্ধীক লৈ এটা কৌতুক কৰিছিল । শেহতীয়াকৈ হাৰিয়ানা নিৰ্বাচনৰ সময়ত জেলেপীৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল । বিজেপিয়ে দিল্লীৰ কনৌট প্লেছৰ বিকানেৰৱালা দোকানৰ পৰা এক কিলোগ্ৰাম জেলেপী অৰ্ডাৰ দিছিল, যাৰ মূল্য কৰসহ প্ৰায় ৬০৯ টকা আছিল । এই অৰ্ডাৰ গ্ৰহণকাৰীৰ ঠিকনা আছিল ২৪, আকবৰ ৰোড, ৰাষ্ট্ৰীয় ৰাজধানীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় । অৰ্ডাৰ গ্ৰহণকাৰীৰ নামৰ পৰিৱৰ্তে, ইয়াত লিখা হৈছিল – “ৰাহুল গান্ধীৰ বাবে জেলেপী ।”
এই জেলেপী অৰ্ডাৰৰ আটাইতকৈ আমোদজনক কথাটো আছিল যে পেমেণ্ট অপচনত ‘কেচ অন ডেলিভাৰী’ বাছনি কৰা হৈছিল । হাৰিয়ানা বিজেপিয়ে ছ’চিয়েল মিডিয়াত অৰ্ডাৰৰ সবিশেষৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছে, ‘ভাৰতীয় জনতা পাৰ্টি হাৰিয়ানাৰ সকলো কৰ্মীৰ হৈ ৰাহুল গান্ধীৰ ঘৰলৈ জেলেপী প্ৰেৰণ কৰা হৈছে ।‘
কিয় শিৰোনামলৈ আহিল জেলেপী ?
বিজেপিয়ে ৰাহুল গান্ধীলৈ জেলেপী পঠোৱাৰ আঁৰত এটা কাৰণ আছে । ভোটগণনাৰ দিনা, ৮ অক্টোবৰত যেতিয়া নিৰ্বাচনৰ ফলাফল আহিবলৈ ধৰিলে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে হাৰিয়ানাত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পথ স্পষ্ট হৈ পৰিল, তেতিয়া জেলেপীয়ে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰিবলৈ আৰম্ভ কৰিলে । হাৰিয়ানাৰ গুহানাৰ স্থানীয় দোকানৰ পৰা জেলেপীৰ সোৱাদ লৈ ৰাহুল গান্ধীয়ে ইয়াক নিৰ্বাচনী বিষয় কৰি তুলিছিল । তেওঁ পৰামৰ্শ দিছিল যে জেলেপীক কাৰখানা আৰু উদ্যোগিক পৰ্যায়ত উৎপাদন কৰিব লাগে, যাতে ই ভাৰত আৰু বিশ্বৰ সকলো চুকে-কোণত উপলব্ধ হ’ব পাৰে ।