দেশৰ অমূল্য ৰত্ন বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান । ৮৬ বছৰ বয়সত বাৰ্ধ্ক্যজনিত কাৰণত মৃত্যু হয় প্ৰসিদ্ধ উদ্যোগপতিগৰাকীৰ । বুধবাৰে নিশা মুম্বাই ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰতন টাটাই ।
ৰক্তচাপ হঠাতে কমি যোৱাৰ বাবে তেখেতক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত । স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হৈছিল । কিন্তু অৱশেষত সকলোকে কন্দুৱাই চিকিসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে । ৰতন টাটাৰ বিয়োগ দেশৰ উদ্যোগীক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি । মহান দানবীৰ গৰাকীৰ মূত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে দেশবাসী ।
উল্লেখ্য যে, অসমৰ সৈতেও বিশেষ সম্পৰ্ক আছিল ৰতন টাটাৰ । অসমৰ বাবে ৰতন টাটাই কৰি গ’ল বহু কাম । ৰাজ্যখনলৈ তেওঁৰ অৱদান আছিল অতুলনীয় । অসমলৈ আই টি আই, কেন্সাৰ হাস্পতাল, ছেমিকণ্ডাক্টৰ প্ৰকল্পকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অৱদান আছিল টাটা গোটৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ । এই অৱদানৰ বাবে তেখেতক অসম চৰকাৰে ২০২১ চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটাৰে সন্মানিত কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটাৰ মুম্বাইস্থিত বাসগৃহলৈ গৈ প্ৰদান কৰিছিল এই বঁটা ।
অসমৰ ৩৪ খন পলিটেকনিকৰ লগতে ৪৩ খন আই টি আইক উন্নত ৰূপত গঢ়ি তোলাৰ বাবে দায়িত্ব লৈছিল ৰতন টাটাই । লগতে অসমৰ স্বাস্থ্যখণ্ডৰ বাবেও অতুলনীয় অৱদান আগবঢ়াই গৈছে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যৱসায়ীক নেতাগৰাকীয়ে । ৰতন টাটাৰ উদ্যোগতে অসমত স্থাপন হৈছিল কেইবাখনো কেন্সাৰ হাস্পতাল । আনহাতে এইগৰাকী মনীষীৰ উদ্যোগতে জাগীৰোডত গঢ় লৈ উঠিছে ছেমি কণ্ডাক্টৰ প্ৰকল্প । ২৭০০০ কোটি টকাৰ প্ৰকল্পটোৰ বাবে ইতিমধ্যে অসমৰ ১৫০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দি আছে টাটা গোটে ।
উল্লেখ্য যে, দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল ৰতন টাটাক । এনে এগৰাকী মনীষীৰ মহা প্ৰয়াণে কন্দোৱাই গ’ল দেশবাসীক । মহান দানবীৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটাৰ মৃত্যুত সামাজিক মাধ্যমত গভীৰ শোক প্ৰকাশ কৰিছে ।