কলেষ্টেৰল হৈছে শৰীৰৰ কোষবোৰত পোৱা এক মমসদৃশ পদাৰ্থ যি শৰীৰৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় । কিন্তু শৰীৰত ইয়াৰ মাত্ৰা বেছি হ’লে ক্ষতিকাৰক হ’ব পাৰে । উচ্চ কলেষ্টেৰ মাত্ৰাক হাইপাৰকলেষ্টেৰলেমিয়া বুলিও কোৱা হয় । ই হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰিব পাৰে ।
আপোনাৰ খাদ্যই শৰীৰত ভাল আৰু বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি বা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বিশেষকৈ শীতকালত কিছুমান খাদ্য সামগ্ৰী বহু পৰিমাণে খোৱা হয় যিয়ে আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । সেয়েহে এইবোৰ সাৱধানে খাব লাগে ।
শীতকালত কলেষ্টেৰল বৃদ্ধি হ’ব পাৰে নেকি ?
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শীতকাল অতি প্ৰত্যাহ্বানজনক । খাদ্য, জীৱনশৈলী আৰু জেনেটিক্সকে ধৰি বহুতো কাৰক কলেষ্টেৰল বৃদ্ধিৰ কাৰণ হ’ব পাৰে । ঠাণ্ডাৰ ফলত প্ৰত্যক্ষভাৱে কলেষ্টেৰল বৃদ্ধি নহয় । কিন্তু স্বাস্থ্যসন্মত খাদ্য আৰু ব্যায়ামৰ নিয়ম বজাই ৰখাটো ঠাণ্ডা মাহত অধিক প্ৰত্যাহ্বানজনক হ’ব পাৰে, যাৰ ফলত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে ।
শীতকালত কোনবোৰ খাদ্যই বেয়া কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে ?
তাপমাত্ৰা কমি গ’লে শৰীৰে গৰম হৈ থাকিবলৈ বেছিকৈ ভজা স্নেক্স আৰু কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য খাবলৈ মন যায় । যদিও এই খাদ্যবোৰৰ বেছিভাগেই গোটেই বছৰটোতে উপলব্ধ তথাপিও শীতকালত মানুহে ইয়াক বেছিকৈ খায় । ইয়াত আমি আপোনালোকক কিছুমান খাদ্য সামগ্ৰীৰ বিষয়ে জনাইছো যিয়ে উচ্চ কলেষ্টেৰলৰ সৃষ্টি কৰিব পাৰে ।
১. ঘিউ
শীতকালত ভাৰতীয় ৰন্ধন প্ৰণালীত ঘিউ বহুলভাৱে ব্যৱহৃত হয় । বিশেষজ্ঞসকলে কয় যে ই খাদ্যত সোৱাদ, গাঁথনি আৰু সুগন্ধি যোগ দিয়ে । ই স্বাস্থ্যকৰ চৰ্বিৰ এক ভাল উৎস, কিন্তু কলেষ্টেৰল ৰোগত ইয়াৰ অত্যাধিক গ্ৰহণ সঠিক নহয় । বিশেষকৈ নিয়মীয়া ব্যায়াম নকৰাকৈ আৰু অতিৰিক্ত পৰিমাণে খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে ।
২. মাখন
মাখন সাধাৰণতে বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰা হয়, যাৰ অত্যাধিক সেৱনে শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰিব পাৰে । বজাৰত উপলব্ধ মাখনত সংপৃক্ত চৰ্বি (চেচুৰেটেড ফেট)ৰ পৰিমাণ অধিক ।
৩. পনীৰ
বিশেষকৈ শীতকালীন খাদ্য যেনে পালক পানীৰ আৰু পানীৰ টিক্কাত ভাৰতীয় খাদ্যৰ জনপ্ৰিয় উপাদান পানীৰ । ইয়াৰ উপৰিও ইয়াত চেচুৰেটেড ফেট বেছি থাকে যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ।
৪. ৰেড মিট
ৰেড মিট শীতকালত ইয়াৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ বাবে প্ৰায়ে পছন্দ কৰা হয় । অৱশ্যে ইয়াত চেচুৰেটেড ফেট আৰু কলেষ্টেৰলৰ পৰিমাণ বেছি হোৱাৰ বাবে হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে বুলি চিকিৎসক তথা বিশেষজ্ঞ সকলে কয় ।
৫. ফ্ৰাইড স্নেক্স
চিংৰা, পকৰী, কচোৰী, ফ্ৰাই আৰু বড়াৰ দৰে ভজা লঘু আহাৰ শীতকালত যথেষ্ট খোৱা হয় । কিন্তু সেইবোৰত ট্ৰেন্স চৰ্বি যথেষ্ট বেছি হয় যি শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰিব পাৰে ।