মঙলবাৰে চুইডেনৰ ষ্টকহোমত ৰয়েল চুইডিছ একাডেমী অৱ চাইন্সেছৰ ঘোষণা অনুসৰি পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা জন হপফিল্ড আৰু জিঅ’ফ্ৰে হিন্টনক প্ৰদান কৰা হয় ।
এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ীসকলে পদাৰ্থ বিজ্ঞানৰ সঁজুলি ব্যৱহাৰ কৰি আজিৰ শক্তিশালী মেচিন লাৰ্নিঙৰ ভিত্তি গঠন কৰা পদ্ধতি প্ৰস্তুত কৰিছে বুলি আনুষ্ঠানিক ঘোষণাত প্ৰকাশ পাইছে ।
জন হপফিল্ডে এটা এছ’চিয়েটিভ মেম’ৰী সৃষ্টি কৰিছিল যিয়ে তথ্যত ছবি আৰু অন্যান্য আৰ্হি সংৰক্ষণ আৰু পুনৰ্গঠন কৰিব পাৰে । জিঅ’ফ্ৰে হিণ্টনে এনে এটা পদ্ধতি উদ্ভাৱন কৰিছিল যিয়ে তথ্যত স্বয়ংক্ৰিয়ভাৱে বৈশিষ্ট্য বিচাৰি উলিয়াব পাৰে, যাৰ ফলত ছবিত নিৰ্দিষ্ট উপাদান চিনাক্ত কৰিব পৰা যায় ।
পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাত ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’ন’ৰ (প্ৰায় ৮.৩ কোটি) নগদ বঁটা দিয়া হৈছে, যি ছুইডেনৰ উদ্ভাৱক আলফ্ৰেড নোবেলৰ উইলৰ পুঁজিৰে গঠিত । ইয়াক ১১৭ বাৰ প্ৰদান কৰা হৈছে, আৰু নোবেলৰ মৃত্যুৰ বাৰ্ষিকী ১০ ডিচেম্বৰত বঁটা লাভ কৰিব বঁটা বিজয়ীসকলে ।