তিনি অৰ্থনীতিবিদলৈ ২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল; উদ্ভাৱন আৰু সৃজনশীল ধ্বংসৰ তত্ত্বক স্বীকৃতি
২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল
ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে আলফ্ৰেড নোবেলৰ স্মৃতিত ২০২৫ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা কৰিছে । জোৱেল মকীৰ (আমেৰিকা), পিটাৰ হাৱিট (আমেৰিকা), আৰু ফিলিপ এজিয়ন (ইউ কে)ক তেওঁলোকৰ যুগান্তকাৰী গৱেষণাৰ বাবে এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হৈছে । ‘উদ্ভাৱন ভিত্তিক অৰ্থনৈতিক বৃদ্ধিৰ সংজ্ঞা নিৰূপণ’ৰ বাবে এই তিনিওগৰাকীক গৱেষকক এই বঁটা প্ৰদান কৰা হৈছে । জোৱেল আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত, ফিলিপ ইংলেণ্ডৰ দ্য লণ্ডন স্কুল অৱ ইকনমিক এণ্ড পলিটিকেল ছায়েন্সৰ সৈতে আৰু পিটাৰ আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত ।
নোবেল বঁটা কমিটীৰ মতে, এই পুৰস্কাৰৰ আধা অংশ প্ৰযুক্তিগত অগ্ৰগতিৰ জৰিয়তে বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় চৰ্ত চিনাক্ত কৰাৰ বাবে জোৱেল মকীৰক আৰু আনটো অংশ যৌথভাৱে সৃষ্টিশীল ধ্বংসৰ জৰিয়তে বহনক্ষম উন্নয়নৰ তত্ত্বৰ বাবে ফিলিপ এজিয়ন আৰু পিটাৰ হাৱিটক প্ৰদান কৰা হ’ব । বহনক্ষম উন্নয়ন কিয় নতুন স্বাভাৱিক হৈ পৰিছে তাৰ কাৰণসমূহ উন্মোচন কৰিবলৈ ঐতিহাসিক উৎসসমূহক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল মকীৰে ।
এজিয়ন আৰু হাৱিটে নিৰন্তৰ বিকাশৰ আঁৰৰ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰিছিল । ১৯৯২ চনৰ এটা প্ৰবন্ধত তেওঁ সৃষ্টিশীল ধ্বংস নামৰ গাণিতিক আৰ্হি এটা প্ৰস্তুত কৰি বুজাই দিছিল যে যেতিয়া কোনো নতুন আৰু উন্নত সামগ্ৰী বজাৰত প্ৰৱেশ কৰে তেতিয়া সেই পুৰণি সামগ্ৰী বিক্ৰী কৰা কোম্পানীবোৰ লোকচানৰ সন্মুখীন হয় । নতুন সামগ্ৰী আৰু উৎপাদন পদ্ধতিয়ে পুৰণি পদ্ধতিৰ ঠাই লৈয়েই আছে আৰু এই প্ৰক্ৰিয়া কেতিয়াও শেষ নহয় । এইটোৱেই হৈছে নিৰন্তৰ অৰ্থনৈতিক উন্নয়নৰ ভিত্তি, যাৰ ফলত বিশ্বৰ মানুহৰ জীৱনৰ মান, স্বাস্থ্য আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় ।
অৰ্থনীতিৰ নোবেল বঁটাৰ বিষয়ে জানক-
-অৰ্থনীতিৰ নোবেল বঁটা এই পৰ্যন্ত ৯৯ জন লোকক প্ৰদান কৰা হৈছে ।
-১৯৬৮ চনত অৰ্থনীতিৰ নোবেল বঁটা প্ৰৱৰ্তন কৰা হয় ।
-এই বঁটা ১৯৬৯ চনৰ পৰা অৰ্থনীতিত ৫৬ বাৰ প্ৰদান কৰা হৈছে ।
-অৰ্থনীতিৰ এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া গৰাকী হৈছে ৪৬ বছৰীয়া এষ্টাৰ ডুফ্ল’ ।
-অৰ্থনীতিৰ নোবেল লাভ কৰা আটাইতকৈ বয়সীয়াল ব্যক্তিজন আছিল ৯০ বছৰীয়া লিঅ’নিড হ’ৰভিচ ।
কোনে লাভ কৰে এই বঁটা ?
এই বঁটা এনে অৰ্থনীতিবিদসকলক প্ৰদান কৰা হয়, যাৰ গৱেষণাই অৰ্থনীতি বুজিবলৈ আৰু ইয়াৰ সমস্যা সমাধানত ডাঙৰ অৱদান আগবঢ়াইছে । ইয়াক অৰ্থনীতিৰ নোবেল বঁটা বুলি কোৱা হয় যদিও কাৰিকৰীভাৱে ই নোবেলৰ উইলত থকা মূল পাঁচটা বঁটাৰ ভিতৰত উল্লেখ নাছিল । পৰৱৰ্তী সময়ত ১৯৬৯ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে ইয়াক প্ৰতিষ্ঠা কৰিছিল । ইয়াত ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছে বঁটা বিজয়ীসকলক নিৰ্বাচন কৰে ।
লগতে পঢ়ক : ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা