হিমালয়ত অৱস্থিত ভাৰতৰ শীতল মৰুভূমিক ইউনেস্ক’ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ঘোষণা…

হিমালয়ত অৱস্থিত ভাৰতৰ শীতল মৰুভূমিক ইউনেস্ক’ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ঘোষণা…

ভাৰতৰ শীতল মৰুভূমিক ইউনেস্ক’ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ঘোষণা ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক, বৈজ্ঞানিক আৰু শৈক্ষিক সংস্থা চমুকৈ ইউনেস্ক’ই ভাৰতৰ শীতল মৰুভূমিক বায়’স্ফিয়াৰ ৰিজাৰ্ভ অথবা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে । এয়া ভাৰতৰ ত্ৰয়োদশ ইউনেস্কো বায়’স্ফিয়াৰ ৰিজাৰ্ভ আৰু প্ৰথমখন উচ্চ উচ্চতাৰ কল্ড ডেজাৰ্ট ৰিজাৰ্ভ । চীনৰ হাংঝুত

ভাৰতৰ শীতল মৰুভূমিক ইউনেস্ক’ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ঘোষণা

ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক, বৈজ্ঞানিক আৰু শৈক্ষিক সংস্থা চমুকৈ ইউনেস্ক’ই ভাৰতৰ শীতল মৰুভূমিক বায়’স্ফিয়াৰ ৰিজাৰ্ভ অথবা জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে । এয়া ভাৰতৰ ত্ৰয়োদশ ইউনেস্কো বায়’স্ফিয়াৰ ৰিজাৰ্ভ আৰু প্ৰথমখন উচ্চ উচ্চতাৰ কল্ড ডেজাৰ্ট ৰিজাৰ্ভ । চীনৰ হাংঝুত অনুষ্ঠিত পঞ্চম ৱৰ্ল্ড কংগ্ৰেছত অব্ বায়’স্ফিয়াৰ ৰিজাৰ্ভত এই ঘোষণা কৰা হৈছে । এই বৈঠকত বিশ্বজুৰি ২৬টা নতুন স্থান নিৰ্বাচিত কৰা হয় । এই সংৰক্ষিত বনাঞ্চলসমূহ ইউনেস্ক’ৰ বিশ্বব্যাপী নেটৱৰ্কৰ অংশ হৈ পৰিব ।

শীতল মৰুভূমি কি ?

শীতল মৰুভূমি ( Cold Desert) হিমালয়ত অৱস্থিত এক অনন্য অঞ্চল । ইয়াৰ উচ্চতা ৩৩০০ৰ পৰা ৬৬০০ মিটাৰ । ইয়াৰ মুঠ আয়তন ৭,৭৭০ বৰ্গ কিলোমিটাৰ । ইয়াত প্ৰচণ্ড বতাহ, বৰফৰ সমভূমি, হিমবাহৰ উপত্যকা, পাহাৰীয়া হ্ৰদ আৰু ঠাণ্ডা মৰুভূমি আছে । ই বিশ্বৰ অন্যতম ঠাণ্ডা আৰু শুকান পৰিৱেশ তন্ত্ৰ ।

এই সংৰক্ষিত বনাঞ্চলখনে পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ সামৰি লৈছে । ইয়াত চন্দ্ৰতাল হ্ৰদ, সৰচু, আৰু কিব্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অন্তৰ্ভুক্ত । ই ট্ৰেন্স-হিমালয় অঞ্চলৰ অংশ, য’ত শীতকাল অতি কঠোৰ ।

জৈৱ বৈচিত্ৰ্য : জীৱ-জন্তু আৰু উদ্ভিদৰ এক সম্পদ

এই সংৰক্ষিত বনাঞ্চল স্ন লিওপাৰ্ড, হিমালয়ান আইবেক্স, নীলা ভেড়া, হিমালয়ান পহু, সোণালী ঈগল, হিমালয়ান স্নো কক আদি বিৰল প্ৰাণীকে ধৰি বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ বাসস্থান । এই প্ৰাণীবোৰ উচ্চ উচ্চতাত জীয়াই থাকিব পাৰে ।

এই মৰুভিমত ৭৩২ প্ৰজাতিৰ ভেছকুলাৰ উদ্ভিদ পোৱা যায় । ইয়াৰে ৩০ টা স্থানীয় (কেৱল ইয়াত পোৱা যায়) আৰু ১৫৭ টা প্ৰায় স্থানীয়) । এই উদ্ভিদবোৰ হিমালয়ৰ অনন্য জলবায়ুত বৃদ্ধি পাই ।

ইউনেস্ক’ৰ দক্ষিণ এছিয়া আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক টিম কাৰ্টিছে কয় যে শীতল মৰুভূমি জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ভংগুৰ পৰিৱেশ তন্ত্ৰক কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ এক শক্তিশালী উদাহৰণ আৰু লগতে ইয়াৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়সমূহক সহায় কৰিব পাৰি ।

এই ঘোষণাই সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে । ইউনেস্ক’ৰ মেন এণ্ড বায়’স্ফিয়াৰ প্ৰগ্ৰেমৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে, যিয়ে বিশ্বৰ ৭৮৫টা স্থানত সংৰক্ষণ, বহনক্ষম উন্নয়ন, আৰু গৱেষণাক প্ৰসাৰিত কৰে ।

লগতে পঢ়ক : ডিচেম্বৰত উৎক্ষেপণ কৰা হ’ব ব্যোমমিত্ৰ; গগণযান কেপচুলৰ সৈতে কৰা হ’ব সংলগ্ন