২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা; প্ৰতিৰোধ সম্পৰ্কীয় গৱেষণাৰ বাবে এই স্বীকৃতি

২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা সোমবাৰে ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা । আমেৰিকাৰ মেৰী ই ব্ৰাংকা, আমেৰিকাৰ ফ্ৰেড ৰামছডেল আৰু জাপানৰ শ্বিমন ছাকাগুচিক চিকিৎসা বিজ্ঞানত এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে । এই বঁটা তেওঁলোকৰ ‘পেৰিফেৰেল ইমিউন টলাৰেন্স’ (শৰীৰৰ

২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

সোমবাৰে ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা । আমেৰিকাৰ মেৰী ই ব্ৰাংকা, আমেৰিকাৰ ফ্ৰেড ৰামছডেল আৰু জাপানৰ শ্বিমন ছাকাগুচিক চিকিৎসা বিজ্ঞানত এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে । এই বঁটা তেওঁলোকৰ ‘পেৰিফেৰেল ইমিউন টলাৰেন্স’ (শৰীৰৰ বাহিৰৰ অংশত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সহনশীলতা)ৰ সৈতে জড়িত আৱিষ্কাৰৰ বাবে এই বছৰৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ।

এই আৱিষ্কাৰে শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থা বুজিবলৈ বিপ্লৱৰ সৃষ্টি কৰিছে, যিয়ে বাতবিষ, টাইপ-১ ডায়েবেটিছ আৰু লুপাছৰ দৰে অটোইম্যুন ৰোগৰ চিকিৎসাৰ পথ মুকলি কৰিব । সোমবাৰে কেৰ’লিনস্কা ইনষ্টিটিউট অৱ ষ্টকহ’মে এই বঁটা ঘোষণা কৰিছে ।

এই বঁটা অটোইম্যুন ৰোগৰ সৈতে যুঁজি থকা কোটি কোটি লোকৰ বাবে আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে । বিশ্বৰ ৫ কোটিতকৈ অধিক লোক এনে ৰোগৰ দ্বাৰা প্ৰভাৱিত হয় । ট্ৰেগছ থেৰাপীয়ে ট্ৰান্সপ্লাণ্ট প্ৰত্যাখ্যান হ্ৰাস কৰিব । কেন্সাৰত ট্ৰেগ নিয়ন্ত্ৰণ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পৰা যাব ।

নোবেল কমিটীয়ে কয় যে এই আৱিষ্কাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাক দেখুৱাইছে । এই পুৰস্কাৰৰ ধন হৈছে ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (প্ৰায় ৮.৫ কোটি টকা), যি তিনিওজনৰ মাজত ভাগ হ’ব । ডিচেম্বৰ মাহত ষ্টকহোমত অনুষ্ঠিত হ’বলগা এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক : হিমালয়ত অৱস্থিত ভাৰতৰ শীতল মৰুভূমিক ইউনেস্ক’ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ঘোষণা…