জুলনা সমষ্টিৰ পৰা ৬ হেজাৰৰো অধিক ভোট লাভ কৰি জয়লাভ কৰিছে বিনেশ ফোগাটে । প্ৰাক্তন অলিম্পিয়ান মল্লযোদ্ধাৰ পৰা ৰাজনীতিবিদ হোৱা ভিনেশে কংগ্ৰেছৰ টিকটত হাৰিয়ানাৰ জিন্দ জিলাৰ জুলানা বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । লক্ষণীয়ভাৱে, কংগ্ৰেছ দলে শেষবাৰৰ বাবে ২০০৫ চনত এই আসনখন জিকিছিল । ইয়াৰ পিছত ১৯ বছৰৰ পাছত ভিনেশ ফোগাটৰ জৰিয়তে এই সমষ্টিটো পুনৰ দখল কৰিছে কংগ্ৰেছে ।
আনহাতে সমষ্টিটোত ফোগাটৰ বিৰুদ্ধে থিয় দিয়া বিজেপিৰ য়গেশ বৈৰাগী দ্বিতীয় স্থানত থাকে । পূৰ্বে সমষ্টিটো আছিল জননায়ক জনতা পাৰ্টী (JJP) ৰ অমৰজিত ধান্দাৰ দখলত । ইফালে আপৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল কবিতা দালালে ।
উল্লেখ্য যে, ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰাৰ পাছতে ৰেষ্টলিঙৰ পৰা বিদায় লৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল ভিনেশ ফোগাটে ।