পূজাৰ মাজতেই ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ । ১১ তাৰিখে দিনৰ ১১ বজাত ১ লাখ ৫৯ হাজাৰ ৯৩ গৰাকী ছাত্ৰীৰ একাউন্টত সোমাব নিযুত মইনা আঁচনিৰ ধন ।
প্ৰতিমাহৰ ১১ তাৰিখে ১১ বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইল একাউন্ট । আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ । ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ।
উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে লাভ কৰিব এই ধন । ৰাজ্যৰ ১ লাখ ৫৯ হাজাৰ ৯৩ গৰাকী ছাত্ৰীয়ে এই আঁচনিৰ অধীনত লাভ কৰিব ধন ।
উচ্চতৰ মাধ্যমিকৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব এহেজাৰ টকাকৈ । স্নাতক পৰ্যায়ত ছাত্ৰীসকলে পাব ১২৫০ টকাকৈ । লগতে স্নাতকোত্তৰত পৰ্যায়ত ছাত্ৰীসকলে লাওভও কৰিব ২৫০০ টকাকৈ অনুদান ।
অৱশ্য গৰম বন্ধৰ সময়ত ছাত্ৰীসকলে লাভ নকৰে নিযুত মইনা আঁচনিৰ ধন । বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়েও নাপাব ধন । লগতে স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা । স্নাতক পৰ্যায়লৈ বিয়াত নবহিলেহে সুবিঝা লাভ কৰিব এইন আঁচনিৰ । ৰাজ্যৰ ১,৫৯,০৯৩ গৰাকী ছাত্ৰীৰ একাউন্টত সোমাব এই ধন । পৰৱৰ্তী সময়ত মুঠ ১০ লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ।