হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ভোটগণনা চলি আছে । পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা । ডাক বেলটৰ পৰা আৰম্ভ কৰি আৰু তাৰ পিছত ইলেক্ট্ৰনিক ভোটিং মেচিন ভোটৰ দ্বাৰা ভোটগণনা আৰম্ভ হৈছে, । ৰাজনৈতিক দলবোৰে ফলাফলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, আনহাতে ভোটদাতাসকলৰ এক্সিট প’লৰ ভৱিষ্যতবাণীও পৰীক্ষা কৰা হ’ব ।
ইতিমধ্যে হাৰিয়ানাত ৬০ খনকৈ আসনেৰে বৃহৎ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে । ২৩ খন আসনতহে অগ্ৰগতি লাভ কৰিছে বিজেপি দলে । আনহাতে জম্মু-কাশ্মীৰটো কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি পৰিলক্ষিত হৈছে । জম্মু-কাশ্মীৰত ৪৬ খনৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে । আনহাতে ৩৪ খন আসনত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ।
উল্লেখ্য যে, সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে দুয়োখন ৰাজ্যতে মেজিক নং ৪৬ । এনে পৰিস্থিতিত এক্সিট প’লৰ পূৰ্বানুমান সঁচা প্ৰমাণিত হোৱাৰ সম্ভাৱনাই দেখা দিছে । ভোটগণনাৰ আৰম্ভণিৰে পৰাই কংগ্ৰেছ শিবিৰে লাভ কৰিছে বৃহৎ অগ্ৰগতি ।
আনহাতে কংগ্ৰেছ কৰ্মীসকলে মঙলবাৰে পুৱা দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সমবেত হৈ হাৰিয়ানা আৰু জম্মু আৰু কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ গণনাৰ দিনটোত দলৰ সমৰ্থনত শ্ল’গান দিয়া পৰিলক্ষিত হয় ।