সকলোৱেই জানে যে, ধূমপান আৰু অন্যান্য ধপাত জাতীয় সামগ্ৰীৰ ফলত হাঁওফাঁওৰ যথেষ্ট ক্ষতি হয় । ২০২১ চনত, ভাৰতত ধপাতৰ ফলত প্ৰায় ১০ লাখ লোকৰ মৃত্যু হৈছিল, যি হৈছে মুঠ মৃত্যুৰ প্ৰায় ১৭.৮ শতাংশ । ইয়াৰ ভিতৰত, ৭৯.৮ শতাংশ মৃত্যু ধূমপানৰ বাবে দায়ী আৰু ২১.০ শতাংশ আওঁপকীয়াকৈ সেৱন কৰা ধোঁৱাৰ বাবে দায়ী (আনৰ ধপাতৰ ধোঁৱা হাঁওফাঁওত প্ৰৱেশ কৰা)। আমেৰিকান কেন্সাৰ ছচাইটিৰ মতে, ধূমপানৰ ফলত প্ৰতি বছৰে দেশখনত প্ৰতি ৫ জনৰ ভিতৰত ১ জনৰ মৃত্যু হয় ।
শেহতীয়া গৱেষণা অনুসৰি, ২০০৬ আৰু ২০১০ চনৰ ভিতৰত জন্ম হোৱা লোকসকলক চিগাৰেট আৰু অন্যান্য ধপাত জাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰিলে ৭০ বছৰৰ ভিতৰত বিশ্বজুৰি ১.২ নিযুত হাঁওফাঁওৰ কৰ্কট ৰোগৰ মৃত্যু প্ৰতিহত কৰিব পাৰা যাব ।
স্পেইনৰ ছান্টিয়াগো ডি কম্পোষ্টেলা বিশ্ববিদ্যালয়ৰ গৱেষক লেখিকা জুলিয়া ৰে ব্ৰেণ্ডাৰিছে কয় যে, ‘হাওঁফাওঁৰ কৰ্কট ৰোগে বিশ্বৰ বহু লোকৰ প্ৰাণ কাঢ়ি নিয়ে । এই মৃত্যুৰ দুই তৃতীয়াংশই ধঁপাত আৰু ধূমপানৰ সৈতে জড়িত । আমাৰ গৱেষণাই ধপাত বন্ধ কৰিলে কেনেকৈ লাভৱান হব পৰা যায় তাৰ ওপৰত আলোকপাত কৰে । ই কেৱল বৃহৎ সংখ্যক লোকৰ জীৱন ৰক্ষা কৰাই নহয়, লগতে ধূমপানৰ ফলত ৰুগীয়া হোৱা লোকসকলৰ চিকিৎসা আৰু যত্ন লোৱাৰ স্বাস্থ্য প্ৰণালীৰ ওপৰত পৰা চাপ হ্ৰাস কৰিব পাৰে ।”
দ্য লেন্সেট পাব্লিক হেল্থত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে যদি ধঁপাত বন্ধ কৰা হয়, তেন্তে ২০৯৫ চনৰ ভিতৰত এই বয়সৰ লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগত হোৱা মৃত্যু ৪০ শতাংশ ৰোধ কৰিব পৰা যাব ।
দ্য লেন্সেট পাব্লিক হেল্থত প্ৰকাশিত গৱেষণাৰ মতে ২০৫০ চনৰ ভিতৰত বিশ্বজুৰি ধূমপানৰ বিক্ৰী বৰ্তমানৰ মাত্ৰাৰ পৰা আনকি ৫ শতাংশও হ্ৰাস কৰিলে পুৰুষৰ জীৱনত ১ বছৰ আৰু মহিলাৰ জীৱনত ০.২ বছৰ যোগ হ’ব ।
গৱেষকৰ দলটোৱে অনুমান কৰিছে যে এনে কৰিলে বিশ্বজুৰি মানুহৰ বয়স অৰ্থাৎ ২০২২ চনত ৭৩.৬ বছৰ ২০৫০ চনত ৭৮.৩ বছৰলৈ বৃদ্ধি পাব ।
অনুমান কৰা হৈছে যে বয়সৰ ওপৰত নিৰ্ভৰ কৰি ২০৫০ চনত ২১ শতাংশ পুৰুষ আৰু ৪ শতাংশ মহিলাই ধূমপান কৰিব, যিটো ঠাইৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হ’ব পাৰে । গৱেষকসকলে কয় যে যদি যোৱা বছৰ ধূমপান সম্পূৰ্ণৰূপে নাইকিয়া কৰা হ’লহেঁতেন তেন্তে ২০৫০ চনত পুৰুষৰ আয়ুস ১.৫ বছৰ আৰু মহিলাৰ আয়ুস ০.৪ বছৰ বৃদ্ধি হলহেঁতেন ।
গৱেষকসকলে কয় যে তেওঁলোকে ২০০৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকসকলৰ ওপৰত অধ্যয়ন কৰিছে কাৰণ তেওঁলোকৰ বয়স ১৩ৰ পৰা ১৮ বছৰৰ ভিতৰত আৰু বেছিভাগ দেশতে ধঁপাতজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ আইনী বয়সো ১৮ বছৰ ।
আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থাৰ গৱেষণা লেখিকা ইছাবেল ছ’ৰজোমাটাৰামে কয় যে যদিও বিগত কেইবছৰমানৰ পৰা উচ্চ আয়ৰ দেশসমূহত ধূমপানৰ হাৰ হ্ৰাস পাইছে, হাওঁফাওঁৰ কৰ্কট ৰোগ মৃত্যু আৰু ৰোগৰ প্ৰধান কাৰণ হৈয়েই আছে । কম আৰু মধ্যম আয়ৰ দেশসমূহত, য’ত যুৱ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, ধঁপাত বিক্ৰী নিষিদ্ধ কৰাৰ প্ৰভাৱ আৰু অধিক হ’ব পাৰে ।