মাইক্ৰ’ আৰ এন এ (MicroRNA) ৰ আৱিষ্কাৰ আৰু পোষ্ট-ট্ৰান্সক্ৰিপচনেল জিন নিয়ন্ত্ৰণত ইয়াৰ ভূমিকাৰ বাবে ২০২৪ চনৰ শৰীৰবিজ্ঞান বা চিকিৎসাৰ নোবেল বঁটা লাভ কৰিছে ভিক্টৰ এম্ব্ৰ’ছ আৰু গেৰী ৰুভকুনে । দুয়োজন বিজ্ঞানীয়ে জিনৰ কাৰ্য্যকলাপ কেনেকৈ নিয়ন্ত্ৰিত হয় তাৰ ওপৰত এক মৌলিক নীতি আৱিষ্কাৰ কৰাৰ বাবে এই বঁটাৰে সন্মানিত কৰা হৈছে ।
ভিক্টৰ এম্ব্ৰ’ছ আৰু গেৰী ৰুভকুনে বিভিন্ন কোষৰ প্ৰকাৰ কেনেকৈ বিকশিত হয় সেই বিষয়ে আগ্ৰহী আছিল । তেওঁলোকে মাইক্ৰ’ আৰ এন এ আৱিষ্কাৰ কৰে, যিটো নতুন শ্ৰেণীৰ ক্ষুদ্ৰ আৰ এন এ অণু যিয়ে জিন নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে ।
তেওঁলোকৰ এই যুগান্তকাৰী আৱিষ্কাৰে জিন নিয়ন্ত্ৰণৰ এক সম্পূৰ্ণ নতুন নীতি উন্মোচন কৰিলে যিটো মানুহকে ধৰি বহুকোষী জীৱৰ বাবে অপৰিহাৰ্য বুলি প্ৰমাণিত হ’ল । এতিয়া জনা গৈছে যে মানুহৰ জিনমে এহাজাৰৰো অধিক মাইক্ৰ’ আৰ এন এৰ ক’ড কৰে ।
তেওঁলোকৰ এই আশ্চৰ্যজনক আৱিষ্কাৰে জিন নিয়ন্ত্ৰণৰ এক সম্পূৰ্ণ নতুন মাত্ৰা প্ৰকাশ কৰে । জীৱবোৰ কেনেদৰে বিকশিত আৰু কাম কৰে তাৰ বাবে মাইক্ৰ‘ আৰ এন এ বোৰ মৌলিকভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে ।
৭ ৰ পৰা ১৪ অক্টোবৰলৈ ঘোষণা হবলগা এই পুৰস্কাৰসমূহত ১১ নিযুত চুইডিছ ক্ৰাউনৰ বঁটা প্ৰদান কৰা হ‘ব ।