ভূমি স্বাস্থ্য কাৰ্যসূচীৰ অংশ হিচাপে আজি ৰাজ্য চৰকাৰে ৪ লাখৰো অধিক কৃষকক বিতৰণ কৰিলে ভূমি স্বাস্থ্য পত্ৰ( soil health card) । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰায় ১০ লাখ কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰিব । ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰাৰ লগতে আজি কৃষক সকলক কৃষি যন্ত্ৰপাতিও প্ৰদান কৰে। সেই অনুষ্ঠানতে কৃষিমন্ত্ৰীক কাষত বহুৱাই ট্ৰেক্টৰ চলালে মুখ্যমন্ত্ৰীয়ে।