ভীম কল অতি পুষ্টিকৰ আৰু ঔষধি গুণেৰে ভৰা ফল । অধিক পুষ্টি গুণেৰে ভৰা ভীম কলক শিশু খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এই ভীমকলৰ উপকাৰীতা সমূহ হ’ল—
১) পকা ভীম কল চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে দেহত পুষ্টি সাধন কৰে।
২) গ্ৰহণী ৰোগত পকা ভীম কল গুটিৰে সৈতে খালে উপকৃত হয়।
৩) গৰমত প্ৰস্বাৱৰ সমস্যা হলে পকা ভীম কল পানীৰ সৈতে পিটিকি খালে উপকৃত হয়।
কিন্তু কেৱল শিশুৰ বাবেই নহয় মধুমেহ ৰোগীৰ বাবেও বহু উপকাৰী এই ভীম কল । ভীম কলৰ শিপাৰ ৰস মধুমেহ ৰোগীৰ বাবে বহু উপকাৰী ।