দেওবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি । খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনি । এই আঁচনিৰ অধীনত ৰাজ্যৰ ১,৫৯,০৯৩ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হ’ব আৰ্থিক অনুদান ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰতিমাহৰ ১১ তাৰিখে আঁচনি লাভ কৰা ছাত্ৰীসকলৰ বেংক একাউন্টত সোমাব ধন । এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যালৈ ছাত্ৰীসকলে ধন লাভ কৰিব । নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীসকলে লাভ কৰিব ১ হাজাৰ টকা, স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব ১৫০০ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰীসকলে ২৫০০ টকাকৈ লাভ কৰিব ।
অৱশ্যে গৰম বন্ধৰ সময়ত এই আঁচনিৰ ধন নাপাব ছাত্ৰীসকলে । তদুপৰি বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে লাভ নকৰিব এই ধন । লগতে স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা লাভ নকৰে । স্নাতক পৰ্যায়লৈ বিয়াত নবহিলে এই আঁচনিৰ অধীনত লাভ কৰিব ধন ।
ইফালে নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে এইবাৰ ছাত্ৰ সকলৰ বাবেও ৰাজ্য চৰকাৰৰ আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষমা কৰে । তেওঁ কয় যে, বাজেটত ছাত্ৰ সকলৰ বাবে গ্ৰহণ কৰা হ’ব আঁচনি । এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।