আৰম্ভ হ’ল মহিলা টি-২০ বিশ্বকাপৰ উত্তেজনা । ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ সপ্তমখন খেলত আজি টীম ইণ্ডিয়াই পাকিস্তানৰ মুখামুখি হ’ব । আজিৰ এই মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ ।
এফালে, ভাৰতীয় ক্ৰিকেট দলে নিজৰ প্ৰথমখন মেচতে নিউজীলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে । সেয়েহে প্ৰতিযোগিতাখনত দৌৰ অব্যাহত ৰাখিবলৈ আজিৰ মেচখন দলটোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । আনহাতে, পাকিস্তানে প্ৰথমখন মেচত শ্ৰীলংকাক পৰাস্ত কৰি জয়েৰে প্ৰতিযোগিতাৰ আৰম্ভণি কৰিছে ।
মহিলা টি-২০ বিশ্বকাপৰ আজিৰ এই হাইভল্টেজ মেচখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰতীয় সময় মতে আবেলি ৩.৩০ বজাত আৰম্ভ হ’ব এই মেচখন । মেচখন ভাৰতৰ ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হ’ব লগতে খেলৰ লাইভ ষ্ট্ৰীমিং ডিজনী হটষ্টাৰ এপ আৰু ৱেবছাইটত উপলব্ধ হ’ব ।
উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে শেষবাৰৰ বাবে ২০২৪ চনৰ জুলাইত মহিলা এছিয়া কাপত মুখামুখি হৈছিল, য’ত ভাৰতীয় দলটোৱে সাত উইকেটত জয়লাভ কৰিছিল । দুয়োটা দলৰ মাজত যোৱা পাঁচখন খেলত ভাৰতে চাৰিখনত জয়লাভ কৰিছে, আনহাতে পাকিস্তানে মাত্ৰ এখনত জয়ী হৈছে , যি ২০২২ চনৰ অক্টোবৰত এছিয়া কাপত হৈছিল ।