হাৰিয়ানাৰ ৯০ খন বিধান সভাৰ আসনৰ বাবে শনিবাৰে শান্তিপূৰ্ণভাৱে ভোটদান সমাপ্ত হয় । ইয়াৰ লগে লগে প্ৰকাশ পালে বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প’ল (EXIT POLL) । এগজিট প’লৰ ফলাফলত কংগ্ৰেছে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে । অধিকাংশ এগজিট প’লৰ মতে হাৰিয়ানাত এইবাৰ কংগ্ৰেছ গঠন হ’ব পাৰে কংগ্ৰেছ চৰকাৰ । পতন ঘটিব পাৰে হাৰিয়ানাৰ বিজেপি চৰকাৰৰ ।
‘ৰিপাব্লিক-মেট্ৰিক্স’ৰ এগজিট প’ল অনুসৰি হাৰিয়ানাত কংগ্ৰেছে ৫৫-৬২ খন আৰু ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ১৮-২৪ খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে । সমীক্ষাটোত কোৱা হৈছে যে ভাৰতীয় জাতীয় লোক দলে (INLD) তিনিৰ পৰা ছয়খন আসন লাভ কৰিব পাৰে, জননায়ক জনতা পাৰ্টীয়ে (JJP) শূন্যৰ পৰা তিনিখন আসন লাভ কৰিব পাৰে আৰু অন্যান্য দলসমূহে দুইৰ পৰা পাঁচখন আসন লাভ কৰিব পাৰে ।
দৈনিক ভাস্কৰৰ সমীক্ষা অনুসৰি, হাৰিয়ানাত কংগ্ৰেছে ৪৪-৫৪ খন আসন লাভ কৰিব পাৰে আৰু বিজেপিয়ে ১৯-২৯ খন আসন লাভ কৰিব পাৰে । INLD দলে একৰ পৰা পাঁচখন আসন আৰু আনবোৰে চাৰিৰ পৰা ছখন আসন লাভ কৰিব বুলি আশা কৰা হৈছে ।
ধ্ৰুৱ এগজিট প’লৰ মতে হাৰিয়ানাত কংগ্ৰেছে ৫৭ খন, বিজেপিয়ে ২৭ খন, অন্যান্য দলে ৬ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, হাৰিয়ানাৰ ৯০ জনীয়া বিধান সভা আসনৰ বাবে ভোটগ্ৰহণ ৫ অক্টোবৰৰ পুৱা ৭ বজাত আৰম্ভ হয় আৰু সন্ধিয়া ৬ বজাত সমাপ্ত হয় । ভোটগণনা ৮ অক্টোবৰত অনুষ্ঠিত হ’ব ।