ইজৰাইলে প্ৰথমে ইৰাণৰ পাৰমাণৱিক স্থানসমূহ আক্ৰমণ কৰিব লাগে, বাকী বিষয়বোৰ পিছত চিন্তা কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । শেহতীয়াকৈ ইছলামিক ৰিপাব্লিকৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলে ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহক লক্ষ্য কৰি লোৱা উচিত বুলি কয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যত “পূৰ্ণ পৰিসৰৰ যুদ্ধ”ৰ সম্ভাৱনা নাই আৰু ইয়াক এৰাই চলিব লাগে বুলি ৰাষ্ট্ৰপতি জো বাইডেনে কৰা মন্তব্যৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ট্ৰাম্পে ।
ৰাষ্ট্ৰপতি বাইডেনে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰুপে ইজৰাইলৰ পাৰমাণৱিক স্থানসমূহক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা সম্পৰ্কে সোধা প্ৰশ্নৰ কথা উল্লেখ কৰিছিল ট্ৰাম্পে । ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে কয় যে ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহক লক্ষ্য কৰি লোৱা নহ’ব বুলি ইজৰাইলে বাইডেন প্ৰশাসনক কোনো আশ্বাস দিয়া নাই ।
ট্ৰাম্পে কয়, “তেওঁক সোধা হৈছিল, ইৰাণৰ বিষয়ে আপুনি কি ভাবে ? আপুনি ইৰাণক আক্ৰমণ কৰিবনে ? আৰু তেওঁ কৈছিল, যেতিয়ালৈকে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰত আক্ৰমণ নকৰে… এয়াই সেই বস্তু যত আপুনি আক্ৰমণ কৰিব বিচাৰে ।”
৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পে কয় যে বাইডেনে ইজৰাইলক ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰিবলৈ কোৱা উচিত আছিল আৰু বাকী সকলো কথা পিছত চিন্তা কৰিব লাগিছিল । ড’নাল্ড ট্ৰাম্পে কয় যে যদি তেওঁলোকে কৰিব বিচাৰে তেন্তে তেওঁলোকে কৰিব । কিন্তু আমি তেওঁলোকৰ পৰিকল্পনা জানিব পাৰিম ।